ASSAM TIMES POST
গুৱাহাটীঃ গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে ইয়াৰ অন্তৰ্গত থানাসমূহৰ এলেকাত ১৪৪ ধাৰা আৰোপ কৰিছে। ২৬ আগষ্টৰপৰাই এই নিৰ্দেশনা কাৰ্যকৰী হৈছে।
সেই অনুসৰি দিছপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাঁও, সোণাপুৰ আৰু ক্ষেত্ৰী থানাৰ এলেকাধীন অঞ্চলত ৫ জনতকৈ অধিক লোক গোট খোৱা, বিক্ষোভ প্ৰদৰ্শন কৰা, অৱস্থান কৰা, সমদল উলিওৱা আৰু শ্ল’গান আদি প্ৰদান কৰাটো বাৰণ কৰা হৈছে।
উক্ত অঞ্চলেদি আহ-যাহ কৰা জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ১৪৪ ধাৰা আৰোপ কৰা হৈছে বুলি পূব আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত ৰঞ্জন ভূঞাই নিৰ্দেশনাটোত উল্লেখ কৰে।













