ASSAM TIMES POST
গুৱাহাটীঃ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ ক্ৰমবৰ্ধমান গৰমৰপৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ অৰ্থে কামৰূপ (মহানগৰ) জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় অহা ২৭ আৰু ২৮ আগষ্টত বন্ধ থাকিব। সোমবাৰে কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তই এখন জাননী জাৰি কৰি উক্ত নিৰ্দেশনা প্ৰদান কৰে। প্ৰসংগক্ৰমে বৰ্ধিত গৰমৰ বাবে বিদ্যালয়সমূহ পুনৰ এপষেক বা এমাহৰ কাৰণে বন্ধ দিব লাগে বুলি ৰাজ্যৰ সচেতন মহলে মতপোষণ কৰি আহিছিল।













