![]()
নিউজ ডেস্কঃ
ভাৰত কিয়, তৃতীয় বিশ্বৰ যিকোনো দেশতেই ভিক্ষাৰী দেখা পোৱাটো তেনেই সাধাৰণ ঘটনা হ’লেও পিপিই (PPE) কিট পৰিধান কৰি ভিক্ষা কৰাটো নিঃসন্দেহে অভাৱনীয় ! এনেদৰেই ওড়িশাৰ এগৰাকী স্বাস্থ্যকর্মীক দেখা গ’ল ভিক্ষা কৰা ! যাক দেখি হতচকিত স্থানীয় জনতা।
কিন্তু কিয় ? কি কাৰণত এনে পথ বাছি ল’লে তেওঁ? জানিব পৰা মতে, এইটো আচলতে এক ধৰণৰ ‘অভিনৱ’ প্রতিবাদ। মহিলাগৰাকীৰ নাম অশ্বিনী পাড়ি। ওড়িশাৰ ভদ্রক জিলাৰ চৰম্পা নামৰ এখন গাঁৱৰ বাসিন্দা তেওঁ। অশ্বিনীয়ে কাঠগড়াত তুলিছে নবীন পাটনায়কৰ চৰকাৰক। তেওঁৰ অভিযোগ, ৰাজ্যত কৰোনা অতিমাৰীৰ প্রকোপৰ সময়ত তেওঁৰ দৰে বহু স্বাস্থ্যকর্মীক কামত নিয়োগ কৰা হৈছিল। কিন্তু এই পৰিস্থিতি শাম কটাৰ পিছত হঠাৎ কামৰ পৰা আঁতৰাই দিয়া হৈছে তেওঁলোকক। ইয়াৰ পিছতেই এই প্রতিবাদৰ পথ বাছি লয় তেওঁ।
তেওঁ কয়, ”কৰোনা অতিমাৰী বিয়পি পৰাৰ পিছত যেতিয়া ৰাজ্যৰ অৱস্থা যথেষ্ট সংকটাপন্ন, সেই সময়ত ৰাজ্য চৰকাৰে আমাক ‘কোভিড যোদ্ধা’ হিচাবে নিয়োগ কৰিছিল। আমি আমাৰ পৰিয়াল আৰু নিজৰ জীৱনক তুচ্ছ কৰি কৰোনা ৰোগীসকলৰ শুশ্রুষা কৰিছিলো। নমাহ পিছত চৰকাৰে কোনো ধৰণৰ বিকল্প কামৰ সুযোগ নিদি বহাই দিছে।”











