![]()
নিউজ ডেস্কঃ
লিবিয়াৰ মৰুভূমিত পথ হেৰুৱাই ভোক, পিঁয়াহ আৰু চৰম হতাশাত একে পৰিয়ালৰ ৮ জনৰ মর্মান্তিক মৃত্যুৰ ঘটনা ঘটিছে। উক্ত পৰিয়ালটোৰ কাষত এখন হাতে লেখা ‘উইল’ পোৱা গৈছে বুলি স্থানীয় গণমাধ্যমে জনাইছে।
ছচিয়েল মিডিয়াত এই ঘটনাৰ ভয়াৱহ কেইবাখনো ছবি বিয়পি পৰিছে। তাত দেখা গৈছে, এখন গাড়ীৰ ওচৰত কেইটামান মৃতদেহ পৰি আছে। কিছু কিছু মৃতদেহ বালিৰ মাজত আধা পোত গৈ আছে।
স্থানীয় সংবাদ মাধ্যমে জনাইছে, শিশুসহ ২১ জন এখন টয়টা ছিকুৱাত গৈছিল। পিছত উক্ত গাড়ীখন লিবিয়াৰ কুফৰা চহৰৰ পৰা ৪০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত পৰিত্যক্ত অৱস্থাত পৰি থকা দেখা যায়।
ঘটনাস্থলীত তিনিগৰাকী নাৰী আৰু পাঁচজন পুৰুষৰ মৃতদেহ পৰি থকা দেখা যায়। গাড়ীখনৰ বাকী ১৩জন সদস্যৰ কি হৈছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।











