ASSAM TIMES POST
গোলাঘাটঃ গোলাঘাট আৰক্ষীয়ে দেওবাৰে নিষিদ্ধ কানিসহ তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি মণিপুৰৰ পৰা তিনিচুকীয়াৰ জাগুনলৈ এআৰ -০১ বি ৪৬৫৭ নম্বৰৰ এখন গাড়ীত আনি থকা অবস্থাতে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মইনাপাৰাৰ বাইপাছৰ ওচৰত কানিখিনি জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কুমাৰ লিম্বু, অমৰ লিম্বু আৰু সঞ্জীৱ কুমাৰ মুখে নামৰ লোককেইজনৰ পৰা ৩ কেজি কানি জব্দ কৰে৷ জব্দকৃত কানিখিনিৰ মূল্য প্ৰায় আঢ়ৈ লাখ হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।












