ASSAM TIMES POST
তিৰুৱন্তপুৰমঃ জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা কৰ্তনৰ ফলত ইয়াৰ লাখ লাখ লোকৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ অভিযোগৰে চাকৰি এৰিলে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এজন বিষয়াই। ৩৩ বছৰ বয়সীয়া বিষয়াজনৰ নাম কান্নান গোপীনাথন।
গোপীনাথনে দাদৰা আৰু নগৰ হাভেলীত এটা বিভাগৰ সচিব হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আছিল।
তেওঁ স্পষ্টভাৱে কয়, ‘যোৱা ২০ দিনত জম্মু-কাশ্মীৰৰ লাখ লাখ লোকৰ মৌলিক অধিকাৰ খৰ্ব হৈছে।’ এই কথাই তেওঁক অশান্তি দিয়া বুলি কয়। ৭ বছৰ পূৰ্বে চাকৰিত যোগদান কৰা গোপীনাথনে গত ২১ আগষ্টত পদত্যাগ পত্ৰ দাখিল কৰিছিল।