ASSAM TIMES POST
বোকাখাতঃ চৰকাৰী অবহেলাৰ চূড়ান্ত উদাহৰণ বোকাখাতৰ বানাক্ৰান্ত চিনাকান গাঁৱৰ এটি সম্ভাৱনাপূৰ্ণ প্ৰতিভা পাপুমনি হাজৰিকা নামৰ যুৱ কৃষক। পঢ়াশুনাৰ লগতে জীৱনৰ ৩২ টা বছৰ মৌপালনতো উচৰ্গা কৰিছে পাপুমনি হাজৰিকাই৷ পিতৃ বুবুল হাজৰিকা আৰু পত্নীৰ সহযোগত ২০ বাহ মৌপালন আৰু কৃষিকৰ্মৰে বছৰি প্ৰায় ২ লাখ টকা উপাৰ্জন কৰি আত্মসংস্থাপনৰ নিদৰ্শন ডাঙি ধৰিছে পাপুমনিয়ে।
নেমু, তামোল পাণ আৰু কলৰ বাগিছাও কৰিছে যুৱ কৃষকজনে আৰু প্ৰতিজোপা গছত থকা বাহৰ স্পৰ্শকাতৰ মৌৰ বাবে কোনোদিনে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰি গৈছে পাপুমনিয়ে। ঘৰত বিদ্যুৎ সংযোগৰ সুবিধা অবিহনেই সীমাবদ্ধতাৰ মাজত এই ব্যৱসায় চলাই যোৱা পাপুমনিয়ে প্ৰতি বছৰে বাৰিষা বানপানীৰ পৰা বাচিবলৈকে এই ২০ টা মৌবাহ অতি কষ্টেৰে হাইলেণ্ডত ওখ চাং সাজি স্থানান্তৰিত কৰিব লগীয়া হয়।
কোনো ধৰণৰ চৰকাৰী সাহায্য পাপুমনিয়ে লাভ কৰা নাই এই পৰ্যন্ত৷ বৰঞ্চ চৰকাৰ আৰু আন আন সংগঠনসমূহ যেনে খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰী কমিচন, অসম টী কিপিং এচচিয়েছন, ইউনাইটেড ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউচন, অখিল ভাৰতীয় বিকাশ সন্থা, কে চি উদ্যোগ, ১২৯ বি এন চি আৰ পি এফৰ কমাণ্ডাৰৰলৈকে বহু সময়ত তেওঁক ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।
মৌপালন উদ্যোগটোৱে নিৰাপদে সম্প্ৰসাৰণৰ সুবিধা লাভ কৰাৰ বাবে কোনো চৰকাৰী বা বেচৰকাৰী সুবিধা পাপুমনিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে পাপুমনি হাজৰিকা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ বাসিন্দা হোৱা স্বত্তেও কেইবাবাৰো মন্ত্ৰীগৰাকীক লগ কৰিবলৈ গৈ বিফল হৈছে। সম্ভৱতঃ মন্ত্ৰীগৰাকী এতিয়াও জ্ঞাত নহয় এই প্ৰতিভাধৰ যুৱ কৃষকজনৰ বিষয়ে।
মানৱ সন্তানতকৈ মৌ কেইবাহক অধিক প্ৰতিপাল কৰিব লগীয়া হোৱাৰ বাবে সময়ৰ নাটনিৰ ফলত আবেদন পত্ৰ লৈ মন্ত্ৰী-বিধায়ক অথবা কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিবলৈ অক্ষম পাপুমনি। বহুবাৰ বহু অনুষ্ঠানত সম্বৰ্দ্ধিত হৈছে পাপুমনি। যোৱা ১৫ আগষ্টতো বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনতো সম্বৰ্দ্ধিত হৈছে পাপুমনি হাজৰিকা। কিন্তু সম্বৰ্দ্ধনা কেৱল অনুপ্ৰেৰণা আৰু উৎসাহৰ সমল, সম্বৰ্দ্ধনাৰে জীৱন নচলে।
শিক্ষিত নিবনুৱা পাপুমনিক এতিয়া প্ৰয়োজন এক নিৰাপদ চৌহদৰ। কিয়নো চৌহদৰ স্থায়ী আৰু সুৰক্ষিত বেৰ নোহোৱাৰ বাবে নিজৰ ব্যৱসায়ক লৈ নিৰাপত্তাহীনতা আৰু শংকাত ভুগিছে যুৱ কৃষকজনে। পাপুমনি সমাজৰ সংগ্ৰামী কৃষকৰ এক ক্ষুদ্ৰ উদাহৰণহে৷
এনে পৰিস্থিতিত ৰাইজে বিচাৰিছে যে চাকৰিমুখী নহৈ কৃষিকৰ্মৰে আত্মনিৰ্ভৰশীল হ’বলৈ ৰেডিমেড শ্ল’গানেৰে আকাশ বতাহ কঁপাই থকা চৰকাৰী প্ৰশাসনে নিদ্ৰা ত্যাগ কৰি আগবঢ়াই নিয়ক এনে বহু প্ৰতিভাসম্পন্ন যুৱ শক্তিক তথা প্ৰতিশ্ৰুতিসম্পন্ন কৃষকক।