ASSAM TIMES POST
গুৱাহাটীঃ এনআৰচিৰ পিছৰ অসমঃ জ্ঞানৰ সন্ধানত এক ঘূৰণীয়া মেজমেল শীৰ্ষক কাৰ্যক্ৰম দেওবাৰে অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়স্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত। ইয়াৰ উদ্যোক্তা হ’ল অসম সাহিত্য সভা, নন্দ তালুকদাৰ ফাউণ্ডেছন আৰু ষ্টুডিঅ’ নীলিমা।
ইয়াত পৌৰহিত্য কৰে জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই। ইফালে উপস্থিত থাকে অসমৰ মহাধিবক্তা ডঃ ৰমেশ বৰপাত্ৰগোহাঁই, অধ্যাপক উদয়ন মিশ্ৰ, হেমেন দাস, এইচ আৰ এ চৌধাৰী, অধ্যাপক আব্দুল মান্নান, সুমন্ত চলিহা, কমলা কান্ত মুছাহাৰী, আমান ৱাদুদ, প্ৰশান্ত ৰাজগুৰু, পল্লৱ ভট্টাচাৰ্য, সংগীতা বৰুৱা, মৃণাল তালুকদাৰ, চৈয়দ মমিনুল আৱাল, এএছ টাৰ্পাড, অখিল ৰঞ্জন দত্ত, ৰাজীৱ ভট্টাচাৰ্য আদি।
ঘূৰণীয়া মেজমেলে অসমৰ সকলো ৰাইজক আইন-শৃংখলা ৰক্ষা কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা লোকৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ’ব, তাৰ এটা স্পষ্ট সিদ্ধান্ত ল’বলৈ ঘূৰণীয়া মেজমেলে চৰকাৰক আহ্বান জনায়।
ইফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াকে লৈ হোৱা ঋণাত্মক প্ৰচাৰক ঘূৰণীয়া মেজমেলে বিৰোধিতা কৰে।