ASSAM TIMES POST
বোকাখাতঃ মানৱীয়তাৰ অপমৃত্যুৰ চূড়ান্ত উদাহৰণ দেখা পোৱা গ’ল কালি নিশা বোকাখাত চহৰৰ মাজ মজিয়াত। বোকাখাত নাট্য মন্দিৰৰ সমুখত কালি নিশা উদ্ধাৰ হয় এক সদ্যজাত শিশু। শিশুটি ল’ৰা বুলি জানিব পৰা গৈছে।
বোকাখাত মহকুমা অসামৰিক চিকিৎসালয়ৰ নিচেই সমীপতে থকা নাট্য মন্দিৰৰ সন্মুখত নিশা প্ৰায় ১ বজাত শিশুটি পৰিত্যক্ত অৱস্থাত পৰি থকা বুলি প্ৰত্যক্ষদৰ্শীৰ পৰা খবৰ পোৱা মাত্ৰেই নিশা হাস্পতালখনত কৰ্তব্যৰত নাৰ্চে গৈ শিশুটি উদ্ধাৰ কৰি বোকাখাত আৰক্ষীলৈ খবৰ দিয়ে।
লগতে শিশুটিক হাস্পতাললৈ লৈ যোৱা হয় আৰু তাত শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। পুৱাৰ ভাগলৈ নৱজাতক শিশুটিক আৰক্ষীৰ তত্বাৱধানত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু গোলাঘাটস্থিত পেডিয়েট্ৰিক ইনটেনচিভ কেয়াৰ ইউনিটৰ তত্বাৱধানত বৰ্তমান শিশুটিক ৰখা হৈছে বুলি জানিব পৰা গৈছে।