সময়
অনামিকা শইকীয়া
মোৰ চোতালৰ কৃষ্ণচূড়া জোপা
তাতো আছে মোৰ হিয়াৰ বতৰা
মনত পৰে কোনোবা নিজান দুপৰীয়া
তোমাৰ স’তে কথাপাতি আপোন পাহৰা হোৱা
তুমি চাগে পহৰিলা
কথাটো কিন্তু সঁচা
নিমিষতে পুৰণি হয় নতুন খবৰ
কোনো খবৰেই এতিয়া নিজৰ নহয়
ফোনঃ ৯১০১১৪৪৮৪৩
***********************
অনুৰাগ
কিঙ্কৰ দাস
নদীলৈ কিনো চাইছা ইমান কৈ?
বৈ আছে, ক’লৈ?
ই চোন আছে বৈ
তোমাৰ পৰা মোলৈ
সূৰুজ ডুবা ঘাটলৈ।
******************
স্থানাংক
প্ৰভাত কলিতা
বহুতো শূন্যৰ সমষ্টিৰে
এটা বৃহৎ শূন্য
বহি আছে
থম্ থম্ মদনগোপাল
নাই সুখ নাই দুখ
নাই কোনো পাপ বা পুণ্য
তাৰ বাঁও হাতে আন্ধাৰ
সোঁহাতে পোহৰ
বাঁওহাতে দুখ
সোঁহাতে সুখ
বাঁওহাতে পাপ
সোঁহাতে পূণ্য
সেই শূন্যৰ বাঁওহাতে
বহু যোজন আঁতৰৰ পৰা
আহি আছোঁ মই
এখোজ আগলৈ দি
কেতিয়াবা দুখোজ পিছুৱাইছোঁ
লগ পাইছোঁ অনেক সতীৰ্থ
এদিন মই তোমাক নে
তুমি মোক নাজানো
আমি আমাক লগ পালোঁ
হাতে হাত ধৰি আহি আছোঁ দুয়ো
লাহে লাহে দুয়ো যেন
শূন্যৰ কাষ চাপিছোঁ
তুমি কৈছা শূন্যৰ স্থান পালেই
আমি আৰু নাগুৱাও
মইও হয়ভৰ দিছোঁ
শূন্যৰ কেন্দ্ৰতে
আন্ধাৰ-পোহৰৰ দোমোজাতে
হওক আমাৰ স্থান৷
ফোনঃ ৯৪৩৫৩১৯৭৮৯
************************
বুটাম
উৎপল ভট্টাচাৰ্য
চোলাৰ বুটাম এটা চিঙিছে।
থাকক দিয়া তেনেকে
যিদিনা বুজিবা মোক, সী দিবা বুকুতে।
বগা চোলাৰ ক’লা বুটামেও বুজে
তোমাৰ হাতৰ স্পৰ্শত কেনেকৈ বাঢ়ে
মোৰ বুকুৰ স্পন্দন।
****************
সুৱাগুৰি আঘোন
চন্দনা ভাগৱতী
শাওনৰ পথাৰত
ভূঁই ৰুই থাকোতে
উৰি আহিল
এটি, দুটি বহুতো কবিতা
আলফুল বিভোৰ সপোন
কবিতা সজোৱা দাপোন
দাপোনত কাৰ মুখ –?
: তোমাৰ মুখ৷
: মোৰ মুখ৷
এনেদৰে, বোকাপানী ফেনেকি থাকোতে
আকাশ, মাটিৰ গানৰ তৰংগেৰে
নামি আহিল
সুৱদী, সুৱাগুৰি আঘোন৷
*********************
শুভৰাত্রি
চম্পক ভট্টাচাৰ্য
দিনৰ প্ৰথম দৰ্শনত আপোনাক জনালোঁ সু-প্ৰভাত।
তাৰ পিছত,
আপোনাৰ গোহালিৰ গৰু এটা মৰিল,
খবৰ লোৱা নহ’ল৷
আপোনাৰ শয্যাগত পিতৃৰ উদফাই ৰোগত যোৱা-থোৱা,
খবৰ লোৱা নহ’ল৷
ল’ৰাটোৰো হেনো পিছলি ভৰি এখন ভাগিল।
খবৰ লোৱা নহ’ল৷
আপোনাৰ পত্নী ৰক্তহীনতাত ভুগি কাবু হৈ আছে?
নাই , তাৰো খবৰ লোৱা নহ’ল৷
দুপৰীয়াৰ সাজলৈ আপোনাৰ ঘৰত টেকেলি কাটি।
খবৰ লোৱা নহ’ল৷
সাপ্তাহিক হাটলৈ আপুনি বাৰীৰ
পাচলি বেছিবলৈ নিছিল।
দাম বেছি অজুহাতত মই নিকিনিলোঁ৷
আপুনি ঘৰলৈ ওভোটাই লৈ আহিল সৰহখিনি।
হয়তো চাউল কিনা নহ’ল আপোনাৰ।
পিতৃৰ বাবে দৰব
পত্নীৰ বাবে অলপ পথ্য
কিনা নহ’ল চাগৈ!
ল’ৰাটোকো ডাক্তৰৰ ওচৰলৈ নিয়া নহ’ল আপোনাৰ!
অথচ এবাৰো খবৰ ল’বলৈ আহৰি নহ’ল মোৰ।
এতিয়া ৰাতি আপোনাৰ স’তে মুখামুখি হৈ
নিৰুদ্বেগ ভাৱে ক’ব পাৰিছোঁ
শুভৰাত্রি , শুভৰাত্ৰি।