ASSAM TIMES POST
তেজপুৰ:
সংস্কৃতিৰ কঠীয়াতলী শোণিতপুৰ জিলাৰ গৌৰৱ জামুগুৰিহাট অঞ্চল ৷ জামুগুৰিহাটৰ পাতলৰচুক গাৱঁত ২৬৪ বছৰীয়া গৌৰৱোজ্বল ইতিহাসেৰে সমৃদ্ধ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী লগতে নন্দোৎসৱ আৰু জামুগুৰিহাটৰ গৌৰৱ বোকাখেচা ভাওনা অনুষ্ঠিত কৰা হয় ৷ যোৱা ২৩ আৰু ২৪ আগষ্ট দুদিনীয়া কাৰ্যসূচীৰে উদুলি-মুদুলি হয় পাতলৰচুক গাওঁ ৷
বোকাখেচা ভাওনালৈ আগমন ঘটে শত-সহস্ৰ লোকৰ। ৰাইজৰ পদধূলাত ধন্য হয় জামুগুৰিহাটৰ লগতে পাতলৰচুক বাসী ৰাইজ ৷ পাতলৰচুক গাওঁবাসীয়ে আধ্যাত্মিকতাৰ পৰম্পৰাৰে এই বোকাখেচা ভাওঁনা মহোৎসৱ প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে ৷
জনশ্ৰুতি অনুসৰি পৰম্পৰাগতভাৱে পালন কৰি অহা এই ভাওনা যদি নিদিষ্ট সময়ত অনুষ্ঠিত কৰা নহয় তেন্তে গাওঁ খনত অপায়-অমঙ্গলে দেখা দিয়ে বুলি লোকবিশ্বাস আছে ৷
আনহাতে গাওঁ খনত অনুষ্ঠিত কৰি অহা “জন্মযাত্ৰা” নাট গোপাল আতাৰ দ্বাৰা ৰচিত , মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাউৰ ধনশ্ৰী ৰাগৰ হৰিক বায়ন হেৰিয়ে সোহে মাই গীতটো নাট খনত আতা পুৰুষ জনাই সন্নিৱিষ্ট কৰি দিয়াৰ কাৰণে সকলোৱে এই নাট খনক মহাপুৰুষীয়া নাটক শাৰীত স্থান দি আহিছে ৷
দবা , খোল , তাল বাদ্যৰে আকাশ – বতাহত মুখৰিত হৈছে জামুগুৰিহাটৰ বোকাখেচা ভাওঁনাৰ থলী ৷ ১৯৫১ চনতে গঠিত গাওঁ উন্নয়ন সমিতিয়ে ভাওনা সংস্কৃতিৰ চৰ্চা বিগত তেৰ কুৰিৰো অধিক বছৰ এনেদৰে অব্যাহত ৰাখিছে ৷ য’ত পুৰুষানুক্ৰমে চামে চামে বোকাখেচা ভাওঁনা অনুষ্ঠিত হৈ আহিছে আৰু ভৱিষ্যতলৈও বোকাখেচা ভাওনা যুগমীয়া হৈ ৰ’ব৷