ASSAM TIMES POST
বোকাখাতঃ বিজ্ঞান প্ৰদত্ত কৃত্ৰিমতাৰ পৰা আঁতৰি হাতৰ বিদ্যাৰ নিপুনতাৰে নিজক পুনৰ শিল্পীসূলভ কৰি তুলিব খোজাৰ প্ৰৱণতা অদ্যাপি আছে মানুহৰ। ছপাৰ আৱিষ্কাৰৰ পূৰ্বে প্ৰাকৃতিক আহিলাকে সাৰোগত কৰি লিখাৰ দৰে আজিও হাতে লিখা গধুৰ ভাৱসম্পন্ন, সুন্দৰ আলোচনীৰ আমাৰ মাজত প্ৰচলন আছে।
বোকাখাতৰ কুৰুৱাবাহী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি, ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভা আৰু ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ যৌথ উদ্যোগত চলি থকা টেট প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীসকলে তাৎক্ষনিক হাতে লিখি উলিয়ালে এনে এখনি হাতে লিখা ব্যতিক্ৰমী আলোচনী ‘বৰ্ণলিপি’। যোৱা ২৩ আগষ্টত ‘বৰ্ণলিপি’ উন্মোচন কৰি উন্মোচনী ভাষণত বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক তথা বিশিষ্ট প্ৰবন্ধকাৰ, গল্পকাৰ ড° ৰুবী বৰাই এয়া তেওঁৰ জীৱনৰ অনন্য অভিজ্ঞতা বুলি ব্যক্ত কৰি কয় যে এই কামত জড়িতসকল নিতান্তই আদৰণীয়।
আগলি কলাপাত দুখনেৰে মেৰিয়াই কলৰ বউখাৰে বন্ধা এটা টোপোলাত উন্মোচনৰ বাবে অতি আকৰ্ষণীয়ভাৱে উলিয়াই দিয়া হৈছিল সুন্দৰ বেটুপাতৰ হাতে লিখা আলোচনী ‘বৰ্ণলিপি’। প্ৰশিক্ষণৰ সমন্বয়ক বুবুল বৰাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় প্ৰশিক্ষণৰ জ্যেষ্ঠ সমন্বয়ক যাদৱ চন্দ্ৰ হাজৰিকা, বিশিষ্ট লেখক মুহিৰাম লয়িং আৰু সমাজকৰ্মী গোৱিন দাসে। এই ব্যতিক্ৰমী কাৰ্যসূচীৰ অনুভৱ ব্যক্ত কৰি বক্তব্য প্ৰদান কৰে প্ৰশিক্ষাৰ্থী ইপ্সিতা দত্ত আৰু সত্যব্ৰত ভূঞাই। অনুষ্ঠানত টেট প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীসকল, প্ৰশিক্ষণৰ উদ্যোক্তাসকলৰ লগতে ভালেসংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত আছিল।