ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ বিয়োগত বিদেশ ভ্ৰমণ এৰি নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শনিবাৰে জেটলীৰ মৃত্যুৰ সময়ত নৰেন্দ্ৰ মোডী সংযুক্ত আৰৱ আমিৰাত (ইউএই)ত আছিল।
ইয়াতে দীৰ্ঘদিনীয়া বন্ধু আৰু দলীয় সতীৰ্থ জেটলীৰ মৃত্যুৰ খবৰ পাই মোডীয়ে গভীৰ শোক প্ৰকাশ কৰে।
তদুপৰি প্ৰধানমন্ত্ৰীজনে জেটলীৰ পত্নী আৰু পুত্ৰৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য ত্ৰি-দেশীয় ভ্ৰমণলৈ যোৱা নৰেন্দ্ৰ মোডী শুকুৰবাৰে পেৰিছৰপৰা আবু ধাবিত উপস্থিত হয়।
ইয়াৰপৰা তেওঁ বেহৰেইনলৈ যাব। ইফালে দেওবাৰে জেটলীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব।