নিউজ ডেস্কঃ
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী ছাত্ৰী। হয়…. কথাটো ঠিকেই শুনিছে ৷ ছাত্ৰীগৰাকীৰ নাম সৃষ্টি গোস্বামী। উত্তৰাখণ্ডৰ ট্ৰিবেন্দৰ সিং ৰাৱাট চৰকাৰৰ সিদ্ধান্ত অনুসৰি অহা ২৪ জানুৱাৰীত এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব হৰিদ্বাৰৰ ছাত্ৰী সৃষ্টি গোস্বামী। এই সন্দৰ্ভত ৰাজ্যখনত চলিছে এতিয়া বহুতো জল্পনা-কল্পনা।
সৃষ্টিয়ে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চৰকাৰখনৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতি, কাৰ্যকাৰিতা সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰপৰা খতিয়ান লোৱাৰ লগতে হাতত দায়িত্ব লৈয়ে সৃষ্টিয়ে ৰাজ্যৰসকলো উচ্চপদস্থ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হ’ব।
অৱশ্যে এই কথা সঁচা যদিও সৃষ্টিয়ে সমগ্ৰ ৰাজ্যৰ শাসক নহয় সেইদিনা। ২৪ জানুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে উত্তৰাখণ্ড চৰকাৰে লোৱা এক বিশেষ পদক্ষেপ অনুসৰি লোৱা হৈছে এই সিদ্ধান্ত। সেই অনুসৰি উত্তৰাখণ্ড শিশু অধিকাৰ সুৰক্ষা আয়োগে আয়োজন কৰিছে এক অনুষ্ঠানৰ।