ষ্টাফ ৰিপ’ৰ্টাৰ:
বিমুদ্ৰাকৰণৰ জৰিয়তে ৫০০ আৰু ১০০০ টকাৰ নোট বন্ধ হোৱাৰ পিছত এইবাৰ “ভাৰতীয় ৰিজাৰ্ভ বেংক” সাজু হৈছে পুৰণি ৫, ১০ আৰু ১০০ টকীয়া নোট বন্ধ কৰিবলৈ। শুকুৰবাৰে এই সম্ভাৱনাৰ কথা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ AGM বি মহেশে জনাইছে।
মেংগালুৰুৰ জিলা চিকিউৰিটী কমিটী আৰু জিলা কাৰেন্সী মেনেজমেণ্ট কমিটীৰ উদ্যোগত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মহেশে কয় যে, বৰ্তমান প্ৰচলিত পুৰণি ৫,১০ আৰু ১০০ টকাৰ নোটৰ প্ৰচলন বন্ধ কৰিবলৈ সাজু হৈছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া।
প্ৰক্ৰিয়াটো সুকলমে চলি থাকিলে অহা মাৰ্চ-এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব পাৰে পুৰণি নোট সমূহ আৰু ইয়াৰ পৰিৱৰ্তে নতুন নোটৰ ব্যৱস্থা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা।
আনহাতে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানে ১০ টকীয়া মুদ্ৰা ল’বলৈ অমান্তি হোৱাৰ ফলত ব্যাপক ভাবে আৰ বি আই ক্ষতিৰ সন্মুখীন হৈছে বুলি বি মহেশে কৈছে ।