ASSAM TIMES POST
নতুন দিল্লীঃ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ অগ্ৰগামী নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে। নতুন দিল্লীৰ সৰ্ব ভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত শনিবাৰে দুপৰীয়া ১২.০৭ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ। জেটলীৰ নশ্বৰ দেহ ২.৩০ বজাত নতুন দিল্লীৰ কৈলাশ কলনীস্থিত বাসগৃহলৈ লৈ যোৱা হয়। ইফালে দেওবাৰে আগবেলা তেওঁৰ মৃতদেহ বিজেপিৰ সদৰ কাৰ্যালয়লৈ অনা হ’ব।
দিনৰ ২ বজাত নিগম বধ ঘাটত জেটলীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব। প্ৰসংগক্ৰমে গত ৯ আগষ্টত জেটলীক এইমছত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত তেওঁক ভেন্টিলেটৰলৈ স্থানান্তৰ কৰা হয়। ইয়াৰ পাছত তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটে যদিও যোৱা ১৬ আগষ্টত অধিক অৱনতি ঘটাত লাইফ চাপ’ৰ্ট ব্যৱস্থাৰ মাজত ৰখা হৈছিল।