ASSAM TIMES POST
গুৱাহাটীঃ ২ হাজাৰ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণলৈ শুকুৰবাৰে সেউজ সংকেত প্ৰদান কৰিলে ৰাজ্য চৰকাৰে।
কিয়নো শুকুৰবাৰে প্ৰকল্পটোৰ নিৰ্মাণকাৰী সংস্থা ৰাষ্ট্ৰীয় জল বিদ্যুৎ নিগম চমুকৈ এনএইছপিচি আৰু ৰাজ্য চৰকাৰৰ মাজত এই সম্পৰ্কত গুৱাহাটীত এখন চুক্তিত স্বাক্ষৰ হয়। প্ৰসংগক্ৰমে গেৰুকামুখত উক্ত প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে অনুমতি দিয়াতে নতুন জীৱন পাইছে এনএইছপিচিয়ে।
চুক্তিখনত স্বাক্ষৰ কৰাৰ সময়ত এনএইছপিচিৰ মুখ্য পৰিচালন সঞ্চালক বলৰাজ যোশী, কাৰিকৰী সঞ্চালক জনাৰ্দন চৌধুৰী, কাৰ্যকৰী সঞ্চালক এ কে মিশ্ৰ, অৰবিন্দ ভট্ট উপস্থিত আছিল।
উল্লেখ্য এইবাৰো উক্ত প্ৰকল্প নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি কঁকালত টঙালি বান্ধিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও দল-সংগঠনে।