ASSAM TIMES POST
বকলীয়াঘাটঃ ছেপ্তেম্বৰৰ অন্তিম সপ্তাহত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ জুডো চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা কাৰ্বি আংলং জিলাৰ লাংহিনৰ সম্ভাৱনাপূৰ্ণ জুডো খেলুৱৈ পূজা বসুমতাৰীলৈ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এক লাখ টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে।
২০১৮ চনত মুম্বাইত অনুষ্ঠিত হোৱা খেল’ ইণ্ডিয়াৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ সুবাদতে ৫৭কেজি শাখাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা পূজাৰ সন্মুখত ধনৰ অভাৱ গক বৃহৎ সমস্যা হিচাপে ঠিয় দিছিল। দিন হাজিৰা কৰি পৰিয়াল পোহকাল দিয়া পূজাৰ পিতৃৰ বাবে ইংলেণ্ড ভ্ৰমণৰ বাবে প্ৰয়োজনীয় কমেও ডেৰলাখ টকা যোগাৰ কৰাটো আছিল একপ্ৰকাৰ অসম্ভৱ।
অৱশেষত পূজাৰ সহায়ৰ বাবে আগবাঢ়ি অহা লাংহিন ক্ৰীড়া সন্থাৰ তৎপৰতাত স্থানীয় লোকসকলে বিভিন্ন স্থানত বেনাৰ আঁৰি দি পূজাৰ ইংলেণ্ড ভ্ৰমণৰ বাবে আৰ্থিক অনুদান বিচাৰি আবেদন জনায়। বিষয়টোৱে সংবাদ মাধ্যমত চৰ্চা লাভ কৰাৰ সমানুপতিকভাৱে ক্ৰীড়াপ্ৰেমীসকলৰ মাজতো সৃষ্টি কৰিছিল । ইয়াৰ পিছতে মুখ্য কাৰ্যবাহীগৰাকীয়ে এই কথ ঘোষণা কৰে।