ASSAM TIMES POST
ছাইদুল ইছলাম,ডিফুঃ বুধবাৰে কাৰ্বি আংলঙৰ সদৰ ডিফুস্থিত অসামৰিক চিকিৎসালয়ৰপৰা এটা আজীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ পলায়নকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ডিফুৰ পানবাৰী নিবাসী আটিফুল ৰহমান ওৰফে চেলিম(৪০)ক পত্নী হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি ডিফু ন্যায়িক আদালতে আজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল৷
সেয়ে ডিফু কাৰাগাৰত সশ্ৰম কাৰাবাস খাটি আছিল তেওঁ ৷ গত ১৯ আগষ্টৰ বিয়লি ২.৪৫ বজাত ডিফু অসামৰিক চিকিৎসালয়ৰ পুৰুষ চাৰ্জিকেল ৱাৰ্ডৰ ২ নং বিছনাত ভৰ্তি হৈছিলহি কয়দীটো ৷
কয়দীটোৰ পহৰাৰ দায়িত্বত আছিল এজন হাবিলদাৰ আৰু দুজনকৈ কনিষ্ঠবল৷ পহৰাৰ দায়িত্বত থকা কনিষ্ঠবলদ্বয় আৰু হাবিলদাৰজনে কোৱামতে কয়দীজনৰ হাতত হেণ্ডকাফ লগোৱাৰ পাছতো হেণ্ডকাফটো কৌশলৰে সোলোকাই পলাই যাবলৈ সক্ষম হয়৷
আনহাতে পলায়ন কৰা কয়দীটোৰ কাষতে থকা আন ৰোগীসকলে কোৱামতে পুঁৱতি নিশা সাৰ পাই কয়দীটোক বিছনাত নেদেখি তেওঁলোকো আচৰিত হৈছিল আৰু বুধবাৰে নিশা ১ মান বজাত পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰে৷ উল্লেখযোগ্য যে যোৱা ২৭ জুলাইতো হামৰেণ কাৰাগাৰৰপৰা দুজন কয়দী পলাই যাবলৈ সক্ষম হৈছিল৷