ASSAM TIMES POST
প্ৰশান্ত বৰা, বকলীয়াঘাটঃ আজি সন্ধিয়া বকলীয়াঘাট নগৰ এলেকাৰ অন্তৰ্গত হালধিআটীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক অতি গুৰুতৰভাৱে আহত হয়।
ঘটনাৰ বিৱৰণ অনুসৰি আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত এএছ-০৯-ই-৭৯১০ নম্বৰৰ মটৰ চাইকেলখনে এএছ০৯-চি-৮৩৩২ নম্বৰৰ ডাম্পাৰখনত খুন্দা মৰাৰ ফলত এজন যুৱক অতি গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক মাঞ্জাৰ আব্দুল হান্নান (২৮) বুলি চিনাক্ত কৰা হৈছে।
আহত যুৱকজনক প্ৰথমে বকলীয়াঘাট অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও আঘাত অতি গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে, উক্ত দুৰ্ঘটনাত কামেশ্বৰ তিচ’ (৩৪) নামৰ আন গজন যুৱক সামান্য পৰিমাণে আহত হয় ।