ASSAM TIMES POST
নগাঁওঃ ৰাজ্যৰ বিভিন্ন স্থানত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে এইবাৰ কোনো বনাঞ্চল অথবা পাহাৰৰ দাঁতিত নহয় খোদ নগাঁও চহৰত বন্যহস্তীৰ আক্ৰমণৰ বলি হ’বলগা হ’ল এজন লোক।
নগাঁও চহৰৰ পাৰ্শ্বৱতী চকীটুপ অঞ্চলত বুধবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ইয়াৰে দুলাল দাস(৫৫) নামৰ এজন লোক। পাছত আহত লোকজনক সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য, বিগত দুটা দিনে নগাঁও চহৰৰ নিকটৱর্তী জামগুৰি, বেবেজীয়া আদি ঠাইত দুটা বন্যহস্তীয়ে বিচৰণ কৰি ঘৰ-দুৱাৰ ভাঙি তাণ্ডৱ সৃষ্টি কৰি আহিছে। বুধবাৰে নিশা হঠাৎ এই বন্যহস্তী দুটা নগাঁও চহৰৰ পাৰ্শ্বৱতী চকীটুপত প্ৰৱেশ কৰাত অঞ্চলটোত এক আতংকময় পৰিবেশে বিৰাজ কৰে।
বন্যহস্তীৰ আগমনক লৈ শংকিত অঞ্চলটোৰ ৰাইজে যেনিতেনি লৰা-ঢাপৰা কৰিবলৈ ধৰে। দুৰ্ভাগ্যবশতঃ দুলাল দাস নামৰ লোকজন বন্যহস্তীৰ সন্মুখত পৰাত তেওঁক হাতীয়ে আক্ৰমণ কৰে।
ইপিনে বৃহস্পতিবাৰে পুৱাৰেপৰাও অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। বন্যহস্তীক নিয়ন্ত্রণত ব্যৰ্থ বনবিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।