বিশেষ প্ৰতিবেদন:
বিশ্বৰ প্ৰত্যেকজন লোকৰেই হাতৰ চাপ বা Finger Print থাকে আৰু প্ৰত্যেকৰে এই হাতৰ চাপ পৃথক এজনতকৈ আনজনৰ ৷
কিন্তু কি আচৰিত জানেনে? বাংলাদেশৰ এঘৰ মানুহৰ কোনো এজন ব্যক্তিৰে নাই Finger Print ৷ ফলত তেওঁলোকে কোনো চৰকাৰী নথিপত্ৰত দিব পৰা নাই হাতৰ চাপ বা Finger Print ৷
এনে কিয় জানিবলৈ মন নাযায়নে বাৰু?
বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ বাসিন্দা অপু চৰকাৰৰ পৰিয়ালটো ভুগিছে Adermatoglyphia নামৰ এবিধ বিৰল জিনীয় ৰোগত ৷ বিশ্বৰ অতি কম সংখ্যক লোকহে আক্ৰান্ত হোৱা এই ৰোগৰ বাবেই পৰিয়ালটোৰ কোনো সদস্যই উলিয়াব পৰা নাই গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ।
২০১৬ চনত বাংলাদেশৰ চৰকাৰে ছিম কাৰ্ড উলিয়াবলৈ হাতৰ চাপ দিয়াটো বাধ্যতামূলক কৰাৰ বাবে পৰিয়ালটোৰ পুৰুষ সদস্যসকলে নিজৰ নামত মোবাইল ফোনৰ ছিম কাৰ্ডো আজি পৰ্যন্ত উলিয়াব পৰা নাই ।