ASSAM TIMES POST
বোকাজানৰ পৰা প্ৰদীপ নাথঃ বোকাজানৰ ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ সামগ্ৰী।
তিনিখন ট্ৰাক আৰু এখন টাটা ডি আই পৰা উদ্ধাৰ হৈছে বাৰ্মিজ চিগাৰেট, কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী।
প্ৰায় ৫০ লাখ টকা মূল্যৰ সামগ্ৰী জব্দ হৈছে আৰক্ষীৰ তালাচীত। ডিমাপুৰ আৰু মণিপুৰৰ পৰা বাৰ্মিজ সামগ্ৰী অনা হৈছিল গুৱাহাটীৰ বেলতলালৈ।
ট্ৰাক কেইখনৰ নম্বৰ MN 04 A 7945, NL 02 Q 2948, NL 01 L 0287 আৰু AS 15 C 6466. আৰক্ষীয়ে ট্ৰাককেইখনৰ চালক আৰু
হেণ্ডিমেনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।












