স্বাস্থ্য প্ৰতিবেদন:
শৰীৰৰ এক গুৰুত্বপূর্ণ অঙ্গ হ’ল মূত্রনলী। আৰু এই স্থানেৰে যদি কিবা প্ৰকাৰে ৰোগৰ বীজাণু শৰীৰত প্ৰৱেশ কৰে তেনেহ’লে পৰৱর্তী সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সূত্রপাত ঘটে। চিকিৎসকৰ ভাষাত ইয়াক কোৱা হয় ইউৰিনাৰি ট্র্যাক্ট ইনফেকচন। পৰিসংখ্যা অনুসৰি, পুৰুষৰ তুলনাত মহিলাসকল এই সমস্যাত বেছি মাত্রাত ভোগে। তাৰ উপৰি শীতকালত এই সমস্যা বৃদ্ধি পায়।
কাৰণ এই সময়ত গৰমৰ দিনৰ তুলনাত বহুতে পানী কম খায়। আকৌ ঠাণ্ডাৰ ভয়ত বহুতে ভালদৰে স্নানো কৰিব নিবিচাৰে। আনহাতে, অতিৰিক্ত গৰম পানীৰে স্নান কৰিলেও সমস্যা বাঢ়িব পাৰে। নিম্ন উল্লিখিত নিয়মবোৰ মানি চলিলে ইউৰিন বা মূত্রনলীৰ সমস্যা বহুখিনি কমি যাব।
১. বেছিকৈ পানী খোৱা :
প্ৰতিদিনে কমেও ৬-৮ গিলাচ পানী খাওক। কিয়নো পর্যাপ্ত পৰিমাণে পানী খালে শৰীৰৰ টক্সিন বা বীজাণুবোৰ বাহিৰ হৈ যায়।
২. প্রস্রাৱ বন্ধ কৰি নৰখা :
বহুতেই দীর্ঘ সময় ধৰি টয়লেট নাপালে প্রস্রাৱ হেঁচি ধৰি ৰাখে। আৰু এই অভ্যাস শৰীৰৰ পক্ষে অত্যন্ত ক্ষতিকাৰক। কাৰণ ক্রমাগত মূত্র হেঁচি ৰখাৰ ফলত মূত্রথলিত চাপ সৃষ্টি হয়। আৰু এনেদৰে কিডনিৰ সমস্যা হ’ব পাৰে।
৩. খাদ্যভ্যাসৰ পৰিবর্তন :
সঠিক মাত্রাত ভিটামিন চি জাতীয় খাদ্য খাব। বহু সময়ত ইউৰিনৰ সংক্রমণ ঘটিলে মূত্রত এচিডৰ স্তৰ বৃদ্ধি পায়। ফলত চিকিৎসকসকলে অধিক পৰিমাণে পাচলি খাব দিয়ে। ইয়াৰ ফলত এচিডৰ মাত্রা বহুখিনি নিয়ন্ত্রণত থাকে।
৪. ক’ৰোনাকালত বৰ্ধিত সর্তকতা :
এই মুহূর্তত মহামাৰীৰ কাৰণে আমি প্রত্যেকে অধিক সতর্ক হৈ থাকিব লাগিব। নিজকে সকলো সময়তে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। প্রস্রাৱ কৰাৰ পিছত টয়লেট টিছু বা শুকান কাপোৰ বা পানী ব্যৱহাৰ কৰিব লাগিব।














