ASSAM TIMES POST
নগৰবেৰাঃ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰ বজাৰৰ কাষত সোমবাৰে সন্ধিয়া এক দুৰ্ঘটনাত নায়টৰ অঞ্চলৰ প্ৰয়াত সাগৰ আলীৰ পুত্ৰ চানোৱাৰ আলী (৩০) নামৰ চাইকেল আৰোহী যুৱকজনৰ মৃত্যু হয়৷
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজে যুৱকজনক ততাতৈয়াকৈ নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এএছ-২৫-এচি-৬০০৪ নম্বৰৰ টাটা আইৰিচ মালবাহী বাহনখনে চাইকেল আৰোহীজনক সন্মুখৰ পৰা খুন্দা মৰাৰ ফলতে যুৱকজনে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷













