ASSAM TIMES POST
শ্ৰীনগৰঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত অৱস্থিত কৃষ্ণঘাটি চেক্টৰত মঙলবাৰে পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘন কৰাত এজন ভাৰতীয় সেনা জোৱান শ্বহীদ হয়।
মঙলবাৰে দিনৰ ১১ বজাত এই ঘটনা ঘটে। অৱশ্যে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ লগে লগেই দিয়ে ভাৰতীয় সেনাই। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এটা সূত্ৰই জনোৱা মতে, ভাৰতীয় সেনাৰ পৰাক্ৰমত পাকিস্তানী সেনাৰ কেইবাজনো জোৱান নিহত হোৱাৰ লগতে কেইবাটাও সেনা চাউনীও ধৰাশায়ী হয়।
কিন্তু ধাৰাষাৰ গুলীবৰ্ষণত নাইক ৰবি ৰঞ্জন কুমাৰ সিং(৩৬) নামৰ জোৱানজন শ্বহীদ হয়। বিবাহিত জোৱানজনৰ ঘৰ দিল্লীত।













