স্বাস্থ্য প্ৰতিবেদন:
প্রকৃতিৰ ভিতৰভাগ কোনো মন্দিৰৰ গুপ্ত দৰ্জাৰ দৰে। এনে কেতবোৰ মণি-মুকুতা লুকাই থাকে, সেইবোৰৰ এটা জীৱনত সন্ধান পোৱা প্রায় অসম্ভৱ। আকৌ আমাৰ চকুৰ আগত এনে বহু উপাদান আছে, যাৰ গুণ অপৰিসীম। জানিলে মানিব, মানিলে বুজিব। প্রকৃতিৰ দান মুক্তহস্তে গ্রহণ কৰিব পাৰি। আজি জানক কলপাতৰ গুণৰ বিষয়ে।
খোৱা পাত হিচাবেই কলপাতৰ বেছি ব্যৱহাৰ। বহুতে আকৌ ৰন্ধাৰ মাধ্যম হিচাবেও ব্যৱহাৰ কৰে। কিন্তু এই কলপাতেই আপোনাৰ ছাল আৰু চুলিৰ ক্ষেত্রত দযথেষ্ট উপকাৰী।
১) সেউজীয়া কলপাতৰ আৱৰণে আপোনাৰ শৰীৰক ক্ষতিকাৰক অতি বেগুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। ইয়াৰ স্নিগ্ধতাই আপোনাৰ শৰীৰৰ প্রতিটটো কোষক আৰাম দিয়ে।
২) কলপাতত প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে ছালৰ ক্ষতি ৰোধ কৰিব পাৰে। বর্তমান জীৱনৰ দৌৰাদৌৰিত যৌৱনৰ বয়স কমি আহিছে। অকালতেই ছালত ভাঁজ পৰে। তাক ৰুধিবলৈ সহায় কৰে কলপাতৰ ফেচপেকে।
৩) এলানটয়ন নামৰ এবিধ যৌগ থাকে কলপাতত। ইয়াৰ ফলত প্রাণী শৰীৰত নাইট্রোজেন মেটাবলিজম সৃষ্টি হয়। সেয়ে ছালৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয়।
৪) ছালৰ টেন কমাবলৈ সক্ষম কলপাতৰ ফেচপেক। ইয়াত ক্ষত আঁতৰোৱাৰ ক্ষমতাও আছে। এগজাইমাৰৰ দৰে চর্মৰোগো আঁতৰাই এই পাতে।
৫) চুলিৰ শুকান সমস্যাৰ সমাধানতো কলপাতত আছে বিপুল সম্ভাৰ। ইয়াৰ ফলত চুলিৰ গুৰিৰ শুকান ভাব কমি যায়। কলপাত শীতল। সেই কাৰণে মূৰত ব্যৱহাৰ কৰিলে আৰাম পোৱা যায়। লগতে মূৰ ঠাণ্ডাও কৰে। ইয়াৰ ফলত চিন্তা শক্তি বাঢ়ে। নতুন উদ্যমত কাম কৰাৰ অনুপ্রেৰণা পোৱা যায়। যিসকলৰ টোপনিৰ সমস্যা আছে, তেওঁলোকেও কলপাত ব্যৱহাৰ কৰি উপকাৰ পাব।