ASSAM TIMES POST
নতুন দিল্লীঃ ১৯৭৮ চনৰ পিছত বুধবাৰে দিল্লীত যমুনা নদীৰ বাঢ়নী পানী সোমোৱাৰ তীব্ৰ সম্ভাৱনা আছে। হাৰিয়ানাৰ হাটনি কুণ্ড বান্ধৰ পানী এৰি দিয়াৰ ফলত যমুনা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাতেই দিল্লীত বানপানীৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
ইয়াৰ পৰিপ্ৰেক্ষিততে সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্ত্ৰী সভা আৰু উচ্চস্তৰীয় বিষয়াবৰ্গৰে এক জৰুৰী বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীজনে সংবাদ মাধ্যমত কয় যে বুধবাৰে এই পানীয়ে দিল্লীত তীব্ৰগতিত প্ৰৱেশ কৰিব।
তেওঁ আৰু কয় যে সোমবাৰে সন্ধিয়ালৈ যমুনা নৈৰ পানীয়ে বিপদসীমা অতিক্ৰম কৰিব। সেয়ে উক্ত বৈঠকত সকলো বিভাগকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়।













