ASSAM TIMES POST
নগাঁওঃ ৰাজ্য কপোঁৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ সাক্ষীক একাংশ লোকে ভয় আৰু ভাবুকি প্ৰদান কৰা বুলি অভিযোগ তুলি দুয়োজন নিৰীহ যুৱকৰ পিতৃ গোপাল চন্দ্ৰ দাস আৰু অজিত কুমাৰ নাথে যোৱা ৬ আগষ্টত ডকমকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল৷ সেই অনুযায়ী এই গোচৰৰ সম্পৰ্কে আজি নগাঁৱৰ আদালতত শুনানিৰ দিন আছিল৷
কিন্তু বিপক্ষৰ অধিবক্তাই প্ৰত্যাহ্বান জনোৱাত আদালতে গোচৰটোৰ সম্পৰ্কত অধিক অধ্যয়নৰ প্ৰয়োজন থকাত এই গোচৰৰ শুনানি ৯ ছেপ্তেম্বৰলৈ পিছুৱাই দিয়ে৷ উল্লেখ্য যে বিগত বৰ্ষৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানজুৰি কছাৰী গাঁৱত অভিজিত নাথ আৰু নিলোৎপল দাসক একাংশ লোকে নৃশংসভাবে হত্যা কৰিছিল৷ বিগত বৰ্ষৰে ৯ জুনত ডকমকা আৰক্ষী থানাত ঘটনা সম্পৰ্কত এক গোচৰ ৰজু হৈছিল৷
আৰক্ষীয়ে ইতিমধ্যেই বিভিন্ন ধাৰাত ৪৮ জন লোকক অভিযুক্ত কৰি চাৰ্জচিট দাখিল কৰিছিল৷ এই গোচৰ নগাঁও আদালতত বৰ্তমান চলি আছে৷ গোচৰৰ সাক্ষী সকলৰ ভিতৰৰ তিনিজন সাক্ষীয়ে মিছা সাক্ষী দিয়াৰ অভিযোগ উঠিছে৷ সাক্ষীসকলক ভয়-ভাবুকি আৰু প্ৰলোভনেৰে মিছা সাক্ষী দিবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি দুগৰাকী কনিষ্ঠ অধিবক্তা সহ চাৰিজন লোকৰ বিৰুদ্ধে হত্যাৰ বলি হোৱা দুই যুৱকৰ পিতৃয়ে যোৱা ৬ আগষ্টত ডকমকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷
অহা ৯ ছেপ্তেম্বৰত এই সম্পৰ্কত নগাঁও আদালতত শুনানি হ’ব৷ যুৱকদ্বয়ৰ পিতৃয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে ঘটনাৰ অন্য চাক্ষুস সাক্ষী সকলে প্ৰকৃত সত্য আদালতৰ মজিয়াত ক’ব আৰু আমি ন্যায় পাম বুলি আশাবাদী৷ কনিষ্ঠ অধিবক্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰসংগত তেওঁলোকে কয় যে অধিবক্তাসকল ন্যায়ৰ আধাৰ৷ তেওঁলোকৰ ওপৰত ৰাইজৰ আস্থা আছে৷ কিন্তু ইয়াৰে কিছুয়ে সাক্ষীক ভয়- ভাবুকিৰে মিছা সাক্ষ্য দিবলৈ বাধ্য কৰোৱা কাৰ্যত আমি হতাশ হৈছো৷ সেয়ে বিষয়টোৰ ন্যায় বিচাৰি গোচৰ তৰিছো।













