ASSAM TIMES POST
গুৱাহাটীঃ শনিবাৰে দেহাৱসান ঘটা বিশিষ্ট গৱেষক, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাষাবিদ টাবু ৰাম টাইডৰ দেওবাৰে জন্মস্থানতেই অন্ত্যেষ্টিক্ৰয়া সম্পন্ন হ’ব।
গুৱাহাটীৰ এপল’ হাস্পতালত শনিবাৰে পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে টাইডৰ। লখিমপুৰৰ জিলাৰ ঘূণাসূতিত ১৯৪২ চনৰ ১ আগষ্টত জন্ম হৈছিল তেওঁৰ।
অসম সাহিত্য সভাৰ বাসুদেৱ জালান বঁটাপ্ৰাপক, সাহিত্য অকাডেমী ভাষা সম্মান বঁটা বিজয়ী, সাহিত্যিক পেঞ্চনাৰ টাবু ৰাম টাইড বিগত কেইবাদিনো ধৰি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।
তাৰ পিছত এপল’ ইণ্টাৰনেশ্যনেল হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে।













