স্বাস্থ্য প্ৰতিবেদন:
সৰিয়হ শাক :
সৰিয়হ তেলৰ দৰে সৰিয়হ শাকতো প্রচুৰ পৰিমাণে ভিটামিন আছে। শীতকালত এই শাক প্ৰচুৰ পোৱাও যায়। নিয়মিত এই শাক খালে ৰক্তত উপকাৰী কলেষ্টেৰল পৰিমাণ বাঢ়ে। ইয়াৰ উপৰি এই শাকে দেহত ভিটামিন ডি সৃষ্টি কৰাতো সহায় কৰে।
পালেং শাক :
কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে পালেং শাকে। এই শাকত আছে প্রচুৰ পৰিমাণে ভিটামিন এ, বি, চি, ই আৰু আয়ৰন। আৰু সেয়ে নিয়মিত পালেং শাক খালে ৰক্তত আয়ৰনৰ মাত্রা বৃদ্ধি পায়।
কলমৌ শাক :
হজমৰ সমস্যা বেছি থাকিলে এই শাক নোখোৱাই ভাল। অৱশ্যে পেট পৰিষ্কাৰ ৰখাত সহায় কৰে এই শাকে। ই শৰীৰত পানীৰ পৰিমাণ নিয়ন্ত্রণত ৰাখে।
পূৰৈ শাক :
প্রচুৰ পৰিমাণে ভিটামিন চি আছে পূৰৈ শাকত। এই ভিটামিনে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি পূৰৈ শাকত আছে প্রয়োজনীয় কেলচিয়াম, খনিজ লো, মেগনেছিয়াম আৰু জিংক। এইবোৰ উপাদান সুস্থতাৰ বাবে অপৰিহার্য। হার্টৰ সমস্যা থাকিলে কন্তু এই শাক নাখাব।
ডাঠা শাক :
ৰক্তত হিমগ্লোবিন বঢ়ায় ডাঠা শাকে। এনিমিয়া যিসকলৰ আছে তেওঁলোকৰ বাবে খুবেই উপকাৰী ডাঠা শাক। ইয়াৰ উপৰি এমিনো এচিড, ফছফৰাছ, আয়ৰন, ভিটামিন ই, পটাচিয়াম, ভিটামিন চি আৰু মেগনেছিয়াম আছে ডাঠা শাকত। এইবোৰ উপাদানে কেন্সাৰ প্রতিৰোধ কৰে।
মৰাপাটৰ পাত :
মৰাপাটৰ পাতৰ বড়া খাবলৈ খুবেই ভাল। কোষ্ঠকাঠিন্যৰ সমস্যাত মৰাপাটৰ শাক খুবেই উপকাৰী। ইয়াৰ উপৰি পেটৰ ৰোগ, চর্দি, কাহ আদি আঁতৰায় মৰাপাটৰ পাতে। আৰু জলবায়ু সলনিৰ সময়ত খুবেই উপকাৰী এই পাত।
মূলা শাক :
মূলাৰ পাত লঘুপাক অর্থাৎ সহজে হজম হয়। তেল বা ঘিউত ভাজি মূলা শাক খালে বাত বিষ আঁতৰে। কিন্তু ভালদৰে সিদ্ধ কৰি নাখালে কফ আৰু পিত্তৰ সমস্যা বাঢ়ে।
হেলঞ্চি শাক:
হেলঞ্চি শাকে ৰোগ প্রতিৰোধত সহায় কৰে। এই শাকৰ সোৱাদ তিতা। এই শাকে শৰীৰ ঠাণ্ডা ৰাখে, ৰক্ত পৰিষ্কাৰ কৰে। এই শাক সিদ্ধ কৰি সৰিয়হৰ তেল-নিমখ দি চাটন কৰিও ভাতৰ লগত খাব পাৰে। ইয়াৰ উপৰি হেলঞ্চি শাকৰ বড়া হয়। যিসকলৰ এনিমিয়া আছে তেওঁলোকক এই শাক খাবলৈ কোৱা হয়।













