স্বাস্থ্য প্ৰতিবেদন:
ওজন কমাবলৈ আমি কিমান যে কি নকৰো! শৰীৰক এটি সুন্দৰ আকৃতি দিবলৈ এই ধৰণৰ চেষ্টা আমি কৰি থাকো। কিন্তু ওজন কমোৱাৰ ক্ষেত্ৰত অধিক ফলপ্রসূ হ’ব পাৰে মেথিগুটি।
ই হৈছে ওজন কমোৱাৰ বাবে এটি চমৎকাৰ উপায়। কিছু মেথি এটি পেন বা কেৰাহীত লৈ কম জুইত ভাজি লৈ তাক গুড়ি কৰি লওক। তাৰ পিছত সামান্য গৰম পানীত মিহলাই পুৱা খালিপেটত খাওক৷ লগতে যদি বিচাৰে এই মেথি গুড়ি তৰকাৰীতো ব্যৱহাৰ কৰিব পাৰে ওজন কমোৱাৰ বাবে। উপকাৰো পাব।
মেথি ভিজোৱা পানী
মেথি ভিজোৱা পানী খালে ই ওজন কমোৱাত যথেষ্ট কার্যকৰী ভূমিকা পালন কৰে। কাৰণ, ইয়াক খালে খাদ্যৰ পৰিতৃপ্তি আনি দিয়ে। যাৰ ফলত ভোকৰ অনুভৱ কম হয় আৰু খোৱাৰ ইচ্ছা কমি যায়। ইয়াৰ ফলত খুব দ্রুতভাৱে ওজন কমে। আনহাতে, ১ কাপ মেথি পানীত গোটেই ৰাতি ভিজাই ৰাখক।তাৰ পিছত পানী চেকি ভিজোৱা সেই মেথি প্রতিদিনে পুৱা খালি পেটত চোবাই খাওক। এনেদৰে প্রতিদিনে নিয়মিত খাব পাৰিলে খুব দ্রুত উপকাৰ পোৱা যাব।
অঙ্কুৰিত মেথিবীজ
অঙ্কুৰিত মেথিবীজ উচ্চ মাত্রাৰ কেৰোটিনয়েড, ভিটামিন এ, বি, চি আৰু ই সমৃদ্ধ। ইয়াৰ লগতে ইয়াত থকা কেলচিয়াম, মেগনেছিয়াম, জিংক, পটাছিয়াম, এমিনো এচিড, হজম সহায়ক খনিজ পদার্থ আদি আছে। এটি বাটিত মেথিবীজ লৈ তাত এখন পাতল কাপোৰ পানীত ভিজাই ঢাকি ৩ ৰাতি ৰাখক। তাৰ পিছত দেখিব মেথিবীজ অঙ্কুৰিত হৈছে আৰু সেই বীজবোৰ খাব পাৰে। ওজন কমোৱাৰ ক্ষেত্রত ই খুবেই কার্যকৰী।
মেথি চাহ
মেথিবীজৰ চাহে দুটি কামত সহায় কৰে। এক, ওজন কমোৱাত আৰু দুই, ডায়েবেটিছ নিয়ন্ত্রণত। ইয়াৰ উপৰি হজম আৰু ৰক্তচাপ নিয়ন্ত্রণৰ ক্ষেত্রতো অতি ভাল কাম কৰে। সামান্য পানীত কিছু মেথিবীজ পেষ্ট বনাই লওক। এটি পাত্রত পানী উতলাই লৈ তাত সেই পেষ্ট দিয়ক। বিচাৰিলে তাত আদা বা ডালচেনি দিব পাৰে। তাৰ পিছত পাত্রটো ঢাকনি দি ঢাকি ৫ মিনিট উতলাওক। প্রতিদিনে এই চাহ খালি পেটত খাওক। হাতে হাতে ফল পাব।














