লংকাৰ পৰা মনোজ কুমাৰ পাঠক
টিভিএছ বাইক আৰু ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিকআপৰ মাজত হোৱা খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহীজন। বাইক আৰোহীজনক বলেৰ’ পিকআপ বাহনখনৰ চালকজনেই লৈ যায় লংকা প্ৰাথমিক চিকিৎসালয়লৈ। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই আহত বাইক আৰোহীজনৰ পৰিচয়। দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনৰ পঞ্জীয়ন নম্বৰ AS09 AC 2696 আৰু বাইকখন পুৰনি হোৱা হেতুকে ধৰিব পৰা হোৱা নাই দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ পঞ্জীয়ন নম্বৰ। পিছত ঘটনাস্হলীত স্হানীয় যান-বাহান আৰক্ষী উপস্হিত হৈ দুয়োখন বাহন লংকা আৰক্ষী থানা লৈ লৈ আহে।