ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : বোকাজান মহকুমাৰ অন্তৰ্গত শান্তিপুৰৰ নামবৰ নদী চাহ বাগানখন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বলপূৰ্বকভাৱে দখল কৰিবলৈ যোৱা অভিযোগক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ৷
আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ৰ বোকাজান শাখাই বাগিছাখনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ অতিশীঘ্ৰে ঘটনাৰ উচিত তদন্তৰ দাবী তুলি প্ৰকৃত দোষীক কৰায়ত্ত কৰাৰ দাবী জনাই আটছাৰ নেতৃত্বই ৷
উল্লেখ্য যে নামবৰ নদী চাহ বাগানৰ মালিকীস্বত্ব লবলৈ অহাৰ পূৰ্বে চাহ বাগানখনৰ মেনেজাৰ বাংলোত এক নৈশ ভোজ চলিছিল বুলি জানিব পৰা গৈছে আৰু তাত উপস্থিত আছিল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।
ইফালে তুলিৰাম ৰংহাঙে তেওঁৰ ভাতৃ ৰবিৰাম ৰংহাঙে বাগিছাখন ক্ৰয় কৰাৰ দাবী উত্থাপন কৰিছে ৷ উক্ত বাগিচাখনৰ স্বতাধিকাৰী যোৰহাটৰ প্ৰভাত কমল বেজবৰুৱা বুলি কোৱাৰ লগতে বাগানৰ কৰ্মচাৰী তথা মালিক কৰ্তৃপক্ষই বাগানখন কোনো কাৰণতেই বিক্ৰী কৰা নাই বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে।
তুলিৰাম ৰংহাঙে বাগানখনৰ মালিকীস্বত্ব হস্তগত কৰাৰ চেষ্টা চলোৱাৰ পিছতেই নামবৰ নদী চাহ বাগিছাত চেপা উত্তেজনাই বিৰাজ কৰিছে । ইফালে তুলিৰাম ৰংহাঙক গোলাঘাটৰ ৰক্তিম হাজৰিকা আৰু দেৱজিৎ বৰাই ভুৱা নথিপত্ৰৰে বাগানখন বিক্ৰী কৰাৰ অভিযোগ উঠিছে ।
আৰক্ষীৰ প্ৰকৃত তদন্তইহে সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আনিব। উল্লেখ্য যে ইতিমধ্যে নামবৰ নদী চাহ বাগান কৰ্তৃপক্ষৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷













