স্বাস্থ্য প্ৰতিবেদন:
হাত ধোৱাৰ অভ্যাস কেনেদৰে সৃষ্টি হ’ল?
অষ্টাদশ শতিকাৰ মাজৰ সময়। ভিয়েনা জেনাৰেল হস্পিটেলত চাইল্ড বেড ফিভাৰে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। প্রসূতি মাতৃসকল মৃত্যু হৈছিল দলে দলে। কিন্তু কিয়? কাৰণ বিচাৰে হাঙ্গেৰিয়ান চিকিৎসক ইগনাজ ফিলিপ ছেমেলৱাইজ।
তেওঁৰ ভাব হ’ল, ইয়াৰ কাৰণ অপৰিচ্ছন্নতা নহয়তো! ফলত চিকিৎসকসকলৰ বাবে নতুন নিয়ম জাৰি কৰে তেওঁ। ক’লে, অন্তঃসত্ত্বাসকলৰ পৰীক্ষা কৰাৰ আগতে হাত ভালদৰে ধুই ল’ব লাগিব ক্লোৰিনেটেড লাইমেৰে। ধুব লাগিব যন্ত্রপাতিও। তাৰ পিছত দেখা যাব, সমস্যা কমে নে নকমে।
আৰম্ভ হ’ল হাত ধোৱা, যন্ত্র ধোৱাৰ পর্ব। অবাক কাণ্ড, ফল পোৱা গ’ল হাতে হাতে। সমগ্ৰ বছৰত এজনৰো মৃত্যু নহ’ল। ছেমেলৱাইজে বুজি পালে, তেওঁৰ ধাৰণাই ঠিক। বিপত্তিৰ মূলতে আছে অপৰিচ্ছন্নতা। ফলত যাৱতীয় পৰিসংখ্যাৰে বিভিন্ন বিজ্ঞান পত্র-পত্রিকাত লিখিবলৈ আৰম্ভ কৰে তেওঁৰ অভিজ্ঞতাৰ কথা।
কিন্তু তেতিয়াও ‘বীজাণু’ বুলি যে কিবা এটা আছে, তাক লৈ কাৰো ধাৰণা নাছিল। ফলত হাত ধোৱা আৰু নোধোৱাৰ বৈজ্ঞানিক ভিত্তি ব্যাখ্যা কৰিবলৈ নোৱাৰিলে তেওঁ। খঙত তিঙিৰি তুলা হ’ল সকলো। ৰোগীৰ মৃত্যুৰ দায়িত্ব তেওঁ চিকিৎসকসকলৰ ওপৰত জাপিছিল! পৰিস্থিতি এনে হ’ল যে, চাকৰি এৰি তেওঁ হাঙ্গেৰিলৈ ঘূৰি যাবলগা হ’ল।
ইয়াৰ পিছত কৰে পৰীক্ষা-নিৰীক্ষা। ১৮৬১ চনত জনপ্ৰিয় এক বিজ্ঞান পত্রিকাত প্রকাশ কৰে গৱেষণামূলক প্রবন্ধ। জনালে, ৰোগীক পৰীক্ষা বা অস্ত্রোপচাৰ কৰাৰ পূৰ্বে চিকিৎসকসকলে হাত ভালদৰে ধোৱা উচিত। কাৰণ তেওঁ দেখে, মর্গত মৃতদেহ চোৱাৰ পিছত হাত নোধোৱাকৈ ৰোগী চালে মৃত্যু বেছি হয়। ভালকৈ হাত ধুলে যে এই বিপদ এৰাব পৰা যায়, তাৰো অসংখ্য পৰিসংখ্যা দিলে তেওঁ। কিন্তু লাভ নহ’ল।
এইবাৰ চিকিৎসকসকললৈ চিঠি পঠাবলৈ আৰম্ভ কৰে তেওঁ। অনুৰোধ কৰে, “এবাৰতো নিয়ম মানি চাওক। মানুহৰ প্রাণ বচোৱাৰ এটাই পথ। আৰু যদি সেয়া নকৰে, ধৰি ল’ব লাগিব মানুহ হত্যা কৰিছে আপোনালোকে।”
পৰিস্থিতি চৰমত উঠে। ঘৰে-বাহিৰে সকলোতে ভাবিবলৈ আৰম্ভ কৰে, তেওঁ পাগল হৈছে। তেতিয়া তেওঁক পঠোৱা হয় মানসিক হাস্পটাললৈ। সেয়া ১৮৬৫ চনৰ কথা। কোৱা হ’ল ‘নিউৰো ছিফিলিছ’ হৈছে তেওঁৰ৷
হস্পিটেলত বিভিন্ন অত্যাচাৰত বিনা চিকিৎসাত মাত্র ৪৭ বছৰ বয়সতে ১৮৬৫ চনৰ ১৩ আগষ্টত চেপটিছিমিয়াত তেওঁৰ মৃত্যু হয়।দীর্ঘদিন পিছত প্রতিষ্ঠিত হ’ল বীজাণু তত্ত্ব, অর্থাৎ বীজাণুৰ পৰা ৰোগ হ’ব পাৰে তাক মানি লয় বিজ্ঞানীসকলে৷ পুনৰ জীয়াই উঠে, আৰু এজন মহামতি, লুই পেষ্টুৰৰ হাতত ধৰি। স্বীকৃতি পালে তেওঁৰ গৱেষণাই। বিজ্ঞানৰ ইতিহাসত সোণালী আখৰেৰে লিখিত হৈ গ’ল তেওঁৰ নাম। হাঙ্গেৰিৰ বুডাপেষ্টত আজিও তেওঁৰ স্বাক্ষৰ বহন কৰিছে।
ছেমেলৱাইজে প্রাণ দি প্রমাণ কৰিলে, সুস্থ থাকিবলৈ হ’লে হাত ধোৱাটো বাধ্যতামূলক। সাধাৰণ মানুহৰ মাজত এই সম্পৰ্কত সকলোতকৈ বেছি সচেতনতা সৃষ্টি হ’ল ক’ৰোনা কালত। এই তত্ত্বক আৰু বহু বেছি জোৰদাৰ কৰিলে এই ক্ষুদ্র ভাইৰাছে। বৰ্তমান প্ৰমাণিত হৈছে মাস্ক পৰিধানৰ লগতে বাৰম্বাৰ হাত ধোৱাতো সুস্থ থকাৰ একমাত্র চাবিকাঠি এই মুহূর্তত। সেয়ে হাত ধোৱাৰ বিষয়টোক এৰাই যোৱা মানেই সংক্রমণক আহ্বান জনোৱা। চিকিৎসকৰ পৰামর্শত সুস্থ থাকক।














