নিউজ ডেস্কঃ
পুনৰ বিপাঙত ফ্লিপকার্ট আৰু এমাজন। নিয়ম নমনাত দুই বিদেশী ই–কমাৰ্চ কোম্পানীলৈ জাননী পঠালে কেন্দ্রই। উৎসবৰ বতৰত কোম্পানী দুটাই যি বিশেষ ৰেহাইৰ আয়োজন কৰিছে, তাত বিক্ৰী কৰা পণ্যবোৰ কোন দেশত তৈয়াৰী সেয়া লিখা নাই। যোৱা ১৫ অক্টোবৰত কোম্পানী দুটালৈ জাননী পঠোৱাৰ লগতে আগন্তুক ১৫ দিনৰ ভিতৰত উত্তৰ দিবলৈও কোৱা হৈছে।
কৰোনা পৰিস্থিতিত ‘আত্মনির্ভৰ ভাৰত’ সৃষ্টিৰ আহ্বান জনাইছিল প্রধানমন্ত্রী নরেন্দ্র মোদিয়ে। স্বদেশী বয়বস্তু কিনাৰ ওপৰত অধিক জোৰ দিবলৈ কৈছিল দেশবাসীক। তাৰ উপৰি নির্দেশ দিয়া হয়, এতিয়াৰ পৰা কোনো পণ্য বিক্ৰী কৰিবলৈ গ’লে, সেইটো কোন দেশত উৎপাদন কৰা হৈছে, তাৰ উল্লেখ কৰিব লাগিব।
কিন্তু অভিযোগ, ফ্লিপকার্ট আৰু এমাজনে তেওঁলোকৰ উৎসৱ উপলক্ষত আয়োজিত বিশেষ ৰেহাই ইভেন্টত এই নিয়ম মানা নাই। কোনো পণ্যৰ গাতেই এই তথ্য দিয়া নাই।
কিন্তু সম্প্রতি এমাজনৰ তুলনাত বেছি বিপাঙত পৰিছে ফ্লিপকার্ট।
কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রক বোর্ডৰ নিয়ম ভঙ্গ কৰাই হওক বা বিচ্ছিন্নতাবাদত সহযোগ দিয়া, বিগত কেইবাটাও দিনত একাধিক অভিযোগ উঠিছে এই ই–কমাৰ্চ কোম্পানীটোৰ বিৰুদ্ধে। ইয়াৰ ভিতৰত গুৰুতৰ বিচ্ছিন্নতাবাদত সহযোগ আগবঢ়োৱাৰ অভিযোগ। কেইদিনমান আগতে নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ এজন গ্রাহকৰ সেৱা সংক্রান্ত প্রশ্নৰ উত্তৰত ফ্লিপকাৰ্ট জনাইছিল, ৰাজ্যখন দেশৰ বাহিৰত। সেয়ে তালৈ সেৱা দিব পৰা নাযায়। কোম্পানীটোৰ এই উত্তৰত আৰম্ভ হয় তুমুল বিতর্ক।