এইবাৰ ধর্মীয় উত্তেজনা বিয়পোৱাৰ অভিযোগত অভিনেত্রী কঙ্গনা ৰানাৱাতৰ বিৰুদ্ধে এফআইআৰ দাখিলৰ নির্দেশ দিলে মুম্বাইৰ এখন আদালতে। বলিউডৰ এজন কাস্টিং ডিৰেক্টৰে কৰা গোচৰৰ ভিত্তিতে আজি এই নির্দেশ দিয়ে আদালতে। পৰিচালকজনৰ অভিযোগ, ‘বলিউড ইণ্ডাষ্ট্ৰীক ক্রমাগত অপমান কৰি গৈছে কঙ্গনাই। তাৰ সৈতে সাধাৰণ মানুহৰ মনত দুটি ধর্মৰ বিভাজন টানি সাম্প্রদায়িক উত্তেজনা সৃষ্টিৰ চেষ্টা কৰিছে। নিজৰ টুইটাৰ একাউন্টত এনে ধৰণৰ উত্তেজনাৰ মন্তব্য কৰিছে কুইন নায়িকাই।’
শনিবাৰে মুম্বাইৰ বান্দ্রা মেজিস্ট্রেট মেট্রোপলিটান কোর্টৰ তৰফৰ পৰা আৰক্ষীক কঙ্গনা আৰু তেওঁৰ বায়েকৰ বিৰুদ্ধে এফআইআৰ দাখিলৰ নির্দেশ দিয়া হৈছে। এক অভিযোগকাৰীৰ পিটিচনৰ শুনানিতে এই ৰায় দিয়ে আদালতে। সাম্প্রদায়িক অসন্তোষ আৰু ঘৃণা বিয়পোৱাৰ চেষ্টা চলাইছে কঙ্গনা আৰু ৰঙ্গোলিয়ে, এই অভিযোগ আনি কাস্টিং ডিৰেক্টৰ তথা ফিটনেছ ট্রেইনাৰ মুন্নাৱার্লি চৈয়দে আদালতত গোচৰ ৰুজু কৰিছিল।
অভিযোগকাৰীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ, ২৯৫এ, ১২৪ ধাৰাত কঙ্গনা আৰু ৰঙ্গোলিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।