ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰত নিশাৰ ৰাজপথত আৰক্ষীৰ মানৱতাবিহীন কাৰ্যক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কালি মাজনিশা নগাঁও চহৰৰ হয়বৰগাঁৱত সংঘটিত এক ঘটনাই ক্ষোভিত কৰিছে চহৰখনৰ সাধাৰণ ৰাইজক। কালি নিশা প্ৰায় ১১.১৫ বজাত চহৰখনৰ হয়বৰগাঁও অঞ্চলত আব্দুল আজিজ নামৰ এজন ৰিক্সা চালকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত ৰাজপথৰ ওপৰত তেওঁৰ ৰিক্সাত উদ্ধাৰ হয়।
স্থানীয় ৰাইজে ৰিক্সাখনত নিথৰ অৱস্থাত থকা ৰিক্সা চালকজনক প্ৰত্যক্ষ কৰি সমীপৰ হয়বৰগাঁও আৰক্ষী চকীত খবৰ দিয়ে। ৰাইজৰ খবৰৰ ভিত্তিত উপস্থিত হোৱা হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ৰিক্সা চালকজনৰ মৃত্যু হোৱা বুলি জানিব পাৰে। কিন্তু ইয়াৰ পিচত আৰক্ষী বিষয়াজনে ৰিক্সা চালকজনৰ মৃতদেহৰ প্ৰতি প্ৰদৰ্শন কৰা চৰম অৱহেলাই ঘটনাস্থলীত উপস্থিত প্ৰতিজন লোকৰ অন্তৰ চুই যায়। ঘটনাস্থলীৰ পৰা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰায় ১ কিঃমিঃ পথ ৰিক্সাত পেলাই চতুষ্পদী প্ৰাণীৰ দৰে লৈ যোৱা হ’ল মৃতদেহটো।
ৰাজপথত চৰম অৱহেলাৰে আৰক্ষীয়ে মৃতদেহটো লৈ যোৱা কাৰ্যই আচৰিত কৰিলে সকলোকে। হয়বৰগাঁও আৰক্ষীৰ মানৱতাক কুঠাৰঘাত কৰা এই কাৰ্যই সকলোকে ক্ষোভিত কৰিছে । ইতিমধ্যে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত আব্দুল আজিজৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। মৃত আব্দুল আজিজৰ ঘৰ নগাঁৱৰ ১নং মোল্লাপট্টিত বুলি জানিব পৰা গৈছে।













