নিউজ ডেক্স:
‘দ্য নিউজ ব্রডকাষ্টিং ষ্টেণ্ডাৰ্ডছ অথৰিটি’য়ে ১ লাখ টকাৰ জৰিমনা বিহিলে নিউজ চেনেল ‘আজটক’ক। অভিযোগ, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত সম্পৰ্কত ‘ভুৱা তথ্য’ তেওঁলোকে টুইটাৰত প্রকাশ কৰিছিল।
‘লাইভ ল’ৰ তৰফৰ পৰা শেহতীয়াকৈ এই খবৰ প্রকাশ পাইছে। ব্রডকাষ্টিং ষ্টেণ্ডাৰ্ডছ কর্তৃপক্ষই জানায়, ‘আজটক’, ‘ইণ্ডিয়া টিভি’, ‘জি নিউজ’, ‘নিউজ ২৪’– এই চাৰিটা সংবাদ মাধ্যমেই প্ৰকাশ্যে ক্ষমা বিচাৰিব লাগিব। মৃত্যু সম্পর্কে ‘ভুৱা তথ্য’ প্ৰচাৰৰ বাবে তেওঁলোকক এই শাস্তি দিয়া বুলি প্ৰকাশ।
উল্লেখ্য যে যোৱা ৬ অক্টোবৰত এনবিএছএই নির্দেশ জাৰি কৰিছিল, ‘আজটক’ চেনেলটোৱে সুশান্ত সম্পর্কে কোনো তথ্য প্রকাশ কৰাৰ পূৰ্বে প্রয়োজনীয় কর্তব্য পালন কৰা নাই। এই অনুষ্ঠানবোৰ যদি কোনো ৱেবছাইটত ভিডিও হিচাবে প্রকাশ কৰা হৈছে, তেতিয়া ইউটিউব বা অন্যান্য লিঙ্কবোৰ অবিলম্বে আঁতৰাই দিব লাগিব।
ক্ষমা বিচৰাৰ সময়ত কি ক’ব লাগিব, কেতিয়া ক’ব লাগিব আৰু সময় সকলোবোৰ কর্তৃপক্ষই জনাব। সেইদৰে আজটকে এটি ভিডিও এখন চিডিত ৰেকর্ড কৰি কর্তৃপক্ষৰ হাতত দিব লাগিব। সেই ভিডিওটি টেলিকাষ্ট হোৱাৰ সাত দিনৰ মূৰত চিডি জমা দিব লাগিব।
উল্লেখ্য যে ‘আজটক’ আৰু ‘ইণ্ডিয়া টিভি’তেই সুশান্ত সিং ৰাজপুতৰ মৃতদেহ বাৰম্বাৰ দেখুওৱা হৈছিল। এনে ধৰণৰ একাধিক নিয়ম উলঙ্ঘন কৰিছে এই চেনেলকেইটাই। কিছু শিৰোনাম ব্যৱহাৰ কৰা হৈছিল, যিবোৰ খুবেই আপত্তিজনক।
তাৰ ভিতৰত, ‘পাটনাৰ সুশান্ত মুম্বাইলৈ আহি ব্যর্থ হ’ল কিয়?’, ‘সুশান্ত, আপুনি নিজৰ চিনেমা (ছিছোড়ে) নিজেই নাচালে কিয়?’ ব্রডকাষ্টিং ষ্টেণ্ডাৰ্ডছ কর্তৃপক্ষৰ মতে, এনে ধৰণৰ শিৰোনামৰ মাধ্যমেৰে আচলতে সুশান্ত সিঙক অপমান কৰা হৈছে।
এনবিএছএই এটি বিবৃতি জাৰি কৰি জনাইছে, ‘সংবাদ মাধ্যমৰ দায়িত্ব সংবাদ প্রচাৰ কৰা। যিটো দেশবাসীৰ উপকাৰত লাগিব। এইটো ঠিক যে ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ ৰিপোর্টৰ পৰা বহু মানুহে ন্যায় বিচাৰ পাব পাৰে।
কিন্তু এইটোও গুৰুত্বপূর্ণ যে, মৃত ব্যক্তিসকলৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব। আৰু এটি মৃত্যুৰ ঘটনাক নিজৰ টিআৰপি বৃদ্ধিৰ কামত লগাব নোৱাৰিব।’










