নিউজ ডেক্স:
২০২০ চনৰ অর্থনীতিৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। এই বঁটা লাভ কৰিছে আমেৰিকাৰ দুই অর্থনীতিবিদ পল আৰ মিলগ্রোম আৰু ৰবার্ট বি উইলছনে। দুয়োগৰাকী অৰ্থনীতিবিদে ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰ।
নোবেল কমিটিয়ে জনোৱা মতে নিলামৰ তত্ত্ব আৰু ইয়াৰ কার্যপদ্ধতিৰ নিখুঁত আৰু স্পষ্ট ব্যাখ্যাৰ বাবে অৰ্থনীতিবিদ দুগৰাকীক এইবাৰৰ নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। এই বঁটাত আছে ১১ লাখ ডলাৰ (প্রায় ১১ কোটি ৬ লাখ টকা) নগদ ধন আৰু নোবেল স্মাৰক। অহা ১০ ডিচেম্বৰত নৰৱেৰ ৰাজধানী অছলোত এই বঁটা প্ৰদান কৰা হ’ব।










