ASSAM TIMES POST
গুৱাহাটীঃ দেওবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সংঘটিত বিস্ফোৰণত দুজন লোক সামান্য পৰিমাণে আহত হয়। লোক দুজনৰ নাম ৰঘু বৰা(৪৮) আৰু ৰাজু কুমাৰ চেত্ৰী(৪৫)। জামুগুৰিহাট আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাচকুৱাৰ সমীপৱৰ্তী বাটমাৰী গাঁৱত দিনৰ প্ৰায় ১১ মান বজাত এই অঘটন ঘটে।
প্ৰাপ্ত তথ্য অনুসৰি, এটা অব্যৱহৃত মৰ্টাৰ চেল বিস্ফোৰিত হোৱাতেই লোক দুজন আহত হয়। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অনা মাটিৰ মাজতে মৰ্টাৰ চেলটো আছিল বুলি প্ৰত্যক্ষদৰ্শীসকলে কয়। তেওঁলোকে জনোৱা অনুসৰি দিকৰাই অঞ্চলৰপৰা মাটিখিনি উক্ত স্থানলৈ অনা হৈছিল।
আৰক্ষী সূত্ৰই জনোৱা মতে, যি স্থানৰপৰা মাটিখিনি অনা হৈছিল, সেই স্থানক সেনাই পূৰ্বে শ্বুটিং ৰেঞ্জ হিচাপে ব্যৱহাৰ কৰিছিল। উল্লেখ্য প্ৰথম অৱস্থাত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোমা বিস্ফোৰণ হোৱা বুলি প্ৰচাৰ চলাত হৈ-চৈ লাগিছিল মানুহৰ মাজত।













