নিউজ ডেক্স:
শেহতীয়াকৈ চিবিআইয়ে হাথ্ৰাচৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ দায়িত্বভাৰ লৈছে ৷ এই কথা উত্তৰপ্ৰদেশৰ বিজেপি চৰকাৰৰ এজন মুখপাত্ৰই জানিবলৈ দিয়ে ৷ কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে যোৱা শনিবাৰে এখন জাননী জাৰি কৰে আৰু কয় যে অনুসন্ধানকাৰী দলটো ফৰেইনচিক্ বিশেষজ্ঞৰে সৈতে শীঘ্ৰেই ঘটনাস্থলীলৈ ৰাওনা হ’ব ৷
প্ৰথমে তদন্তত হেমাহি কৰা আৰু ঘটনাক গাপ দিবলৈ চেষ্টা কৰা উত্তৰপ্ৰদেশ চৰকাৰে দেশযুৰি হোৱা প্ৰতিবাদত শংকিত হৈ পিছত চিবিআইক তদন্তৰ দায়িত্ব দিবলৈ বাধ্য হয় ৷ এই তদন্তৰ সকলোবোৰ দিশ এতিয়াৰেপৰা উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নজৰত থাকিব বুলি উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত লৈছে যিহেতু ঘটনাটোৰ সৈতে জাতিভেদ, ধৰ্ষণ আৰু হত্যাৰ লগতে ৰাজনৈতিক পৰিঘটনাও সাঙোৰ খাই আছে ৷










