নিউজ ডেক্স:
চাকৰিৰ বাবে দেশত হাঁহাকাৰ লাগিছে৷ ডাঙৰ ডিগ্ৰীধাৰীয়েও বিচাৰিছে সৰু সৰু চাকৰি৷ উল্লেখ্য যে বন সহায়ক পদত এইবাৰ আবেদন কৰে বহু ডিগ্ৰীধাৰীয়ে৷ অষ্টম শ্ৰেণী যোগ্যতাৰ চাকৰিত প্ৰাৰ্থীৰ ভিৰ৷
তাৰ মাজত আছে বহু উচ্চ শিক্ষা গ্ৰহণকাৰী৷ বন সহায়ক পদত মালদাহত আবেদনৰ অধিকাংশই স্নাতক। তদুপৰি স্নাতকোত্তৰ আছে৷ ইয়াৰ লগতে আছে ইঞ্জিনিয়াৰ, পিএইচডি ডিগ্ৰীধাৰী৷ সাক্ষাৎকাৰত উচ্চ শিক্ষা গ্ৰহণকাৰী দিখি বহু লোক আচৰিত হৈছে৷ চাকৰিৰ সমস্যাৰ বাবে বন সহায়ক পদত এইসকলে আবেদন কৰিছে৷
উচ্চ শিক্ষা গ্ৰহণকাৰীয়ে আবেদন কৰাৰ কথা স্বীকাৰ কৰিছে মালদাহৰ বন সংমণ্ডলে৷ উল্লেখ্য যে এই পদত কেৱল মাত্ৰ অষ্টম শ্ৰেণী উৰ্ত্তীণ আৰু স্থায়ী বাসিন্দাৰ আবেদন বিচৰা হৈছিল৷










