নিউজ ডেক্স:
ভূমি সংক্রান্ত কাগজপত্রৰ বেমেজালি, বাৰম্বাৰ চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা কৰা আদি সমস্যাবোৰ আঁতৰ কৰি আধাৰ কাৰ্ডৰ দৰে মোডী চৰকাৰে আৰম্ভ কৰিলে ‘সম্পত্তি কার্ড’৷ দেওবাৰে দেশৰ ৬ ৰাজ্যৰ কৃষকসকলৰ এই সম্পত্তি কার্ড দিয়াৰ প্রক্রিয়া সূচনা কৰিলে স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷
কৃষকৰ সম্পত্তি সংক্রান্তীয় বিষয়বোৰ অধিক সহজ কৰি যোৱা ২৪ এপ্রিলত পঞ্চায়তীৰাজ দিৱসত ‘স্বামীভা’ প্ৰকল্প কৰাৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ সেই প্ৰকল্পৰ অধীনত এই সম্পত্তি কার্ড দিয়া আৰম্ভ কৰা হৈছে৷ কেন্দ্রৰ লক্ষ্য, এই কার্ডত প্রত্যেকৰ সম্পত্তি সম্পৰ্কত খুঁটিনাটি তথ্য একত্রিত কৰি লিপিবদ্ধ কৰা৷ মাটিৰ সীমাৰ পৰা আৰম্ভ কৰি যাৱতীয় তথ্য থাকিব এই কাৰ্ডত৷
কেন্দ্ৰৰ দাবী, ইয়াৰ ফলত মাটিৰ কাগজপত্র তৈয়াৰ কৰিত সমস্যাৰ দিন শেষ হ’ব৷ সহজেই মাটি কিনা-বেচা বা বন্ধকত ৰাখিব পৰা যাব৷ ইয়াক প্রপার্টি কার্ড’ কৰি সম্পত্তি হিচাপে ব্যৱহাৰ কৰি ঋণ ল’ব পাৰিব৷
তদুপৰি এই কার্ড আৰম্ভ হ’লে সমগ্ৰ ব্যৱস্থাটোত স্বচ্ছতা আহিব৷ কোনো মাটিৰ ন্যায্য গৰাকীৰ পৰা বঞ্চিত নহয়৷ দেওবাৰে জয়প্রকাশ নাৰায়ণৰ জন্মতিথিত এক ভাৰ্চুৱেল সভাত নিজ হাতে এই ‘প্রপার্টি কার্ড’ বিতৰণ কৰে প্রধানমন্ত্রীয়ে৷
দেশৰ ৬ ৰাজ্যৰ ৭৬৩খন গাঁৱৰ এক লাখ কৃষকক এই ‘প্রপার্টি কার্ড’ বা সম্পত্তি কার্ড দিয়া হ’ব৷ ৰাজ্য চৰকাৰে এই কাৰ্ড কৃষকক বিনামূল্যে দিব৷ কেন্দ্ৰৰ দাবী ২০২৪ চনৰ ভিতৰত এই সুবিধা দেশৰ সকলো গাঁৱত দিয়া হ’ব৷










