নিউজ ডেক্স:
ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱা পাকিস্তানী উগ্ৰপন্থীৰ অনুপ্ৰৱেশ এই বছৰ বহু নিয়ন্ত্ৰণলৈ অনা হৈছে৷ নিয়ন্ত্ৰণ ৰেখাৰ লঞ্চ পেডত এতিয়াও ২৫০-৩০০ উগ্ৰপন্থী ভাৰতত প্ৰৱেশৰ অপেক্ষাত আছে৷ উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ পথ দিবৰ বাবে পাক বাহিনীয়ে মাজে মাজে নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত গুলীয়াগুলী কৰে৷
ইয়াৰ লগতে অস্ত্ৰ পঠোৱাৰ চেষ্টা কৰে৷ সেনাৰ ১৫ ক’ৰৰ জিঅ’চি লেফটেনেণ্ট জেনেৰেল বি এছ ৰাজুৱে এই কথা জনায়৷ পাক বাহিনীয়ে শেহতীয়াকৈ নিশা ডেৰ বজাত পুঞ্চ জিলাৰ মাকোটা ছেক্টৰ আৰু কাঠুৱা জিলাৰ হীৰানগৰ ছেক্টৰত নিশা প্ৰায় ১২ বজাত অসামৰিক এলেকালৈ লক্ষ্য কৰি গুলী চলাইছিল৷ তাৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতে৷
পুঞ্চৰ কছবা ছেক্টৰত পাক সেনাৰ গুলীত হামিদা বিবি নামৰ এগৰাকী ৪০ বছৰীয়া মহিলা আহত হয়৷ সেনাৰ সূত্ৰ মতে শনিবাৰে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ কেৰেন ছেক্টৰত সেনাৰ জোৱানে দেখিবলৈ পায় দুজন লোকে এটা টিউব কিষানগংগা নদীত উটোৱাই দিছে৷ সেনাৰ জোৱানে তৎমুহূৰ্ততে টিউবটো তুলি আনে৷ তাতে দেখিবলৈ পায় টিউবৰ ভিতৰত চাৰিটা একে-৪৭ ৰাইফেল, ৮টি মেগজিন আৰু দুখন থালত ২৪০ টা গুলী৷










