ASSAM TIMES POST
নগাঁও: ভাৰতবৰ্ষৰ বিৰুদ্ধে আৰু পাকিস্তানৰ সমৰ্থনত চ’ছিয়েল মিডিয়াত মন্তব্য কৰি বিপদত পৰিছে এজন কংগ্ৰেছ নেতা। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘণিষ্ঠ বুলি চৰ্চিত হোৱা এই কংগ্ৰেছী নেতাগৰাকীৰ নাম হাছেন আলী। ইতিমধ্যে উক্ত অভিযোগৰ ভিত্তিত হাছেন আলীক আটক কৰিছে নগাঁও আৰক্ষীয়ে। ফেচবুকত মুকলিকৈ পাকিস্তানী সেনাৰ সমৰ্থন কৰিছিল হাছেন আলীয়ে। চামগুৰি সমষ্টিৰ লাওখোৱাৰ ভুৰবন্ধাত ঘৰ হাছেনৰ। উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বুলি ৰাইজৰ ওচৰত চৰ্চিত এইগৰাকী নেতাৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত। নগাঁও আৰক্ষীয়ে আটক কৰা হাছেন আলীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে।













