স্ত্রী ৰোগৰ ভিতৰত আটাইতকৈ বেছি দেখা যায় ইউটেৰাইন ফাইব্রয়ড। অৱশ্যে ফাইব্রয়ড থাকিলেই যে সমস্যা থাকিব তেনে নহয়৷ বহুতৰ অসুবিধা থাকে আৰু বহুতৰ কোনো সমস্যাই নাথাকে৷ এই বক্তব্য স্ত্রীৰোগ চিকিৎসক অভিনিবেশ চেটাৰ্জীৰ।
অসম্ভৱ যন্ত্রণা আৰু ঋতুস্রাৱ, পেটত বিষ, কঁকালৰ বিষ, সন্তান ধাৰণৰ সমস্যা এনে ধৰণৰ কেইবাটাও উপসর্গ থাকিলে ট্ৰেন্সভেজাইনেল আল্ট্রাছনোগ্রাফি কৰি ফাইব্রয়ড সম্পর্কে নিশ্চিত হ’ব লাগে বুলিও চিকিৎসকগৰাকীয়ে কয়।
সমীক্ষাত জনা গৈছে, সন্তানধাৰণ কৰিব পৰা বয়সত (অর্থাৎ ১৫–৪৫ বছৰ বয়সত) ছোৱালীৰ ২০–৪০ শতাংশৰ মাজত জৰায়ুত ফাইব্রয়ড বা টিউমাৰ থাকে। কিন্তু ফাইব্রয়ড থাকিলেই যে নানা উপসর্গ দেখা যাব তেনে নহয়। বহুতৰ ক্ষেত্রতেই সেয়া মনে মনে সোমাই থাকে, সামান্য বিষ আৰু ৰক্তপাতসহ ঋতুস্রাৱৰ বাহিৰে কোনো লক্ষণেই নাথাকে৷
এই ফাইব্রয়ডৰ চিকিৎসা বিজ্ঞানৰ নাম লিওমায়োমাছ। অভিনিবেশ চেটাৰ্জীয়ে জনায় যে এনে ক্ষেত্ৰত নিশ্চিতভাবে ক’ব পাৰি যে ফাইব্রয়ডৰ পৰা কেন্সাৰ হোৱাৰ সম্ভাৱনা খুবেই নগণ্য।
ফাইব্রয়ড সকলো সময়তেই বিনাইন অর্থাৎ কেন্সাৰ নহয়।
জানি ৰাখিব ফাইব্রয়ড কেতিয়াও কেন্সাৰলৈ পৰিবর্তিত নহয়। খুব সৰু মটৰৰ দানাৰ আকৃতিৰ পৰা আৰম্ভ কৰি টেনিছ বলৰ দৰে ডাঙৰ আকাৰৰ ফাইব্রয়ড বা টিউমাৰ হ’ব পাৰে। বহু সময়ত ফাইব্রয়ডৰ লগতে গর্ভত ভ্রূণ আহিব পাৰে। যদি ফাইব্রয়ডে ডিম্বাণু নিঃসৰণ বা ভ্রূণ প্রতিস্থাপনৰ পথত কোনো বাধাৰ সৃষ্টি নকৰে তেতিয়াহ’লে স্বাভাৱিকভাবে অন্তঃসত্ত্বা হ’বলৈ কোনো অসুবিধা হোৱাৰ কথাই নাই।
ভ্রূণৰ বৃদ্ধিৰ লগে লগে ফাইব্রয়ডেও আকাৰত ডাঙৰ হ’বলৈ আৰম্ভ কৰে। হৰমোনৰ প্রভাৱত ফাইব্রয়ডৰ আকাৰ বাঢ়ে। বহু সময়ত গর্ভস্থ শিশুৰ সৈতে সমান্তৰালভাৱে ফাইব্রয়ড আকাৰত বাঢ়িবলৈ আৰম্ভ কৰে। এনেকুৱা হ’লে হ’বলগীয়া মাতৃৰ নিয়মিত চেক-আপ কৰা দৰকাৰ। ইউএছজি কৰি গর্ভস্থ ভ্রূণ আৰু ফাইব্রয়ডৰ বৃদ্ধিত নজৰ ৰখা দৰকাৰ।
কোনো ধৰণৰ সমস্যা হ’লে বা বাঢ়ি উঠা ফাইব্রয়ডৰ কাৰণে ভ্রূণৰ অসুবিধা হ’লে তৎকালে ডাক্তৰৰ পৰামর্শ ল’ব লাগে। সন্তানৰ স্বার্থত নির্ধাৰিত সময়ৰ আগতেই ছিজাৰিয়ান ছেকচন কৰি শিশুক বাহিৰ কৰি অনা হয়। সৰু ফাইব্রয়ডৰ ক্ষেত্রত অৱশ্যে বিশেষ এটা অসুবিধা নহয়। নির্ধাৰিত সময়তেই শিশু ভূমিষ্ঠ হয়। কিন্তু বহু ক্ষেত্রতেই ফাইব্রয়ড থাকিলে সন্তান ধাৰণত অসুবিধা হ’ব পাৰে।
জৰায়ুত ফাইব্রয়ড হ’লেই যে চিকিৎসা কৰাব লাগিব তেনে নহয়। যদি খুব বেছি উপসর্গ থাকে বা সন্তান ধাৰণৰ পথত বাধা সৃষ্টি কৰে তেতিয়া একান্ত দৰকাৰ হ’লে লেপাৰোস্কোপিক ছার্জাৰী কৰা হয়। বন্ধ্যাত্ব প্রতিৰোধৰ বাবেই এই ছার্জাৰীৰ সহায় লোৱা হয়। অত্যন্ত ডাঙৰ আৰু কষ্টদায়ক টিউমাৰ হ’লে আৰু ৰোগীৰ বয়স মেনোপজৰ ওচৰা-ওচৰি হ’লে আৰু তেওঁ সন্তানৱতী হ’লে ৰোগী আৰু তেওঁৰ আত্মীয়ৰ সম্মতি লৈ তেতিয়াহে হিস্টেৰেক্টমি কৰা হয়। কিন্তু বহু সময়ত এই ফাইব্রয়ড মনে মনে বহি থাকে, বিশেষ কোনো উপসর্গও নাথাকে।
ঋতুনিবৃত্তি বা মেনোপজৰ সময় যিমান আগুৱাই আহে ইস্ট্রোজেন হৰমোনৰ মাত্রা সিমানে কমিবলৈ আৰম্ভ কৰে। আৰু ইয়াৰ ফলতেই ফাইব্রয়ডৰ আকাৰ কমিবলৈ আৰম্ভ কৰে। কিন্তু সকলো ক্ষেত্রতে এই ঘটনা নঘটিবও পাৰে। আকাৰত ডাঙৰ আৰু হেভি ব্লিডিং, পেটত বিষ, বাৰে বাৰে শৌচাগাৰলৈ যোৱা, কোষ্ঠকাঠিন্য, কঁকাল আৰু ভৰিৰ বিষ কিম্বা বন্ধ্যা্ত্বৰ দৰে উপসর্গ দেখা গ’লে চিকিৎসকৰ নির্দেশ মানি সঠিক চিকিৎসাৰ সহায় লোৱা উচিত বুলি পৰামর্শ দিয়ে অভিনিবেশ চেটাৰ্জীয়ে।
জৰায়ুৰ ফাইব্রয়ডৰ সুনির্দিষ্ট কাৰণ সম্পর্কে এতিয়াও একো জনা হোৱা নাই। কিন্তু কেইবাটাও ‘ৰিস্ক ফেক্টৰ’ থাকিলে অসুখৰ সম্ভাৱনা বেছি। ঘৰত মা, মাহী, বাইদেউসহ অন্যসকলৰ এই সমস্যা থাকিলে ৰোগৰ সম্ভাৱনা তুলনামূলকভাবে বেছি। ইস্ট্রোজেন আৰু প্রোজেস্টেৰন হৰমোনে মাহিলি ঋতুচক্রৰ সময়ত জৰায়ুৰ লাইনিং অর্থাৎ আৱৰণক উদ্দীপিত কৰে। ইয়াৰ ফলত ফাইব্রয়ড সৃষ্টি হোৱাৰ সম্ভাৱনা বাঢ়ে৷ ইয়াৰ উপৰি সৰু ফাইব্রয়ড বৃদ্ধি পোৱাত সহায় কৰে এইবোৰ স্ত্রী হৰমোনে। এই কাৰণেই সন্তান ধাৰণৰ বয়সত ফাইব্রয়ডৰ সম্ভাৱনা বাঢ়ে। মেনোপজৰ সময়ৰ পৰা এইবোৰ শুকাই সৰু হৈ যায়।
সমীক্ষাত এইটোও জনা গৈছে যে কম বয়সত মেনার্কি হ’লে, ওজন বাঢ়ি গ’লে, ভিটামিন ডিজনিত অভাৱ হ’লে, ৰঙা মাংস খালে আৰু মদ্যপান কৰিলে জৰায়ুৰ ফাইব্রয়ডৰ সম্ভাৱনা বাঢ়ি যায়। সেয়ে এই সমস্যা প্রতিৰোধ কৰিবলৈ কম বয়সৰ পৰাই নিয়মিত শৰীৰ চর্চা আৰু সঠিক ডায়েট কৰি ওজন সঠিক ৰাখক। ঋতু সংক্রান্তীয় যিকোনো সমস্যা হ’লে অৱশ্যেই চিকিৎসকৰ পৰামর্শ লওক।













