ভাৰতীয় উপ-মহাদেশত ৰন্ধনত মচলা হিচাবে লঙৰ ব্যৱহাৰ বেছি। ইলাচি, ডালচেনি, লং… গৰম মচলা বুলিলেই প্রত্যেক পাকঘৰত এই কেইবিধ পোৱা যাব। কিন্তু লঙৰ গুণাগুণ কেৱল পাকঘৰতেই নগয়, তাৰ বাহিৰতো আছে। সুস্বাস্থ্যৰ বাবে লং বিভিন্ন ধৰণে আমাৰ উপকাৰত আহে। গৱেষণাত বাৰম্বাৰ প্রমাণিত হৈছে, ৰোগ নিৰাময়ত লঙৰ যথেষ্ট কার্যকাৰিতা আছে।
লঙত পোৱা যায় কার্বোহাইড্রেট, ফাইবাৰ, ভিটামিন কে আৰু মেঙ্গানিজ। মস্তিষ্কৰ বিভিন্ন কামকাজ সুস্থ ৰাখিবলৈ আৰু হাড় মজবুত কৰিবলৈ মেঙ্গানিজ খুব জৰুৰী। মেঙ্গানিজৰ এক উৎকৃষ্ট উৎস হ’ল লং। লঙত প্রচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট থাকে, যিয়ে ফ্রি ৰেডিকলছ কমোৱাত সহায় কৰে। লঙৰ এটি উপাদান হ’ল ইউজেনল, যিয়ে প্রাকৃতিক এন্টি- অক্সিডেন্ট হিচাবে কাম কৰে।
প্রত্যেক দিনা নিশা শোৱাৰ পূৰ্বে ১টা লং আৰু ১ গিলাচ গৰম পানী খালে বিভিন্ন ধৰণৰ ৰোগৰ পৰা সহজতেই মুক্তি পাব পাৰি। লঙে হজম প্রক্রিয়া উন্নত কৰাত সহায় কৰে। যেনে- গেছ, বমিভাব আৰু বদহজমৰ দৰে বহু সমস্যাত লং খুব উপকাৰী। এইবোৰৰ উপৰি লং প্রতিদিনে খালে ডিঙিৰ সংক্রমণৰ পৰা ৰেহাই পোৱা যায়। বুকুত জমা হৈ থকা কফ বাহিৰ হৈ যায়। হজম, পিত্তবিনাশক, হাঁপানি, জ্বৰ, বদহজম, কলেৰা, মূৰৰ বিষ, হাঁচি আৰু কাহৰ দৰে ৰোগতো ই বিশেষ উপকাৰী।
লঙৰ আৰু এটি উপাদান হ’ল নাইজেৰিচিন। বিভিন্ন পৰীক্ষাত দেখা গৈছে, এই উপাদানৰ বাবেই ৰক্তৰ পৰা শর্কৰা বিভিন্ন কোষত উপনীত কৰোৱা, ইনছুলিন উৎপাদনকাৰী কোষবোৰৰ কার্যক্ষমতা বঢ়োৱা আৰু ইনছুলিন নিঃসৃত হোৱাৰ পৰিমাণ বঢ়োৱাৰ দৰে কাম ভালভাবে হয়। তাৰ উপৰি মজলীয়া মাত্রাৰ ডায়েবেটিছ নিয়ন্ত্রণত লঙে ভাল কামত দিয়ে। ল’-ব’ন মাছ এনে এটি অৱস্থা, যিয়ে বয়োজ্যেষ্ঠসকলৰ মাজত অস্টিঅ’পোৰোছিছৰ সম্ভাৱনা বৃদ্ধি কৰে। কেইবাটাও পৰীক্ষাত দেখা গৈছে, লঙৰ উপাদানে হাড়ৰ শক্তি আৰু ব’ন ডেনচিটি বৃদ্ধিত সহায় কৰে।














