ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ডায়েবেটিছ আছে নেকি? ভৰিৰ যত্ন নল’লে ফল হ’ব পাৰে বিপজ্জনক

ASSAM TIMES POST by ASSAM TIMES POST
September 5, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ডায়েবেটিছ আছে নেকি? ভৰিৰ যত্ন নল’লে ফল হ’ব পাৰে বিপজ্জনক

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

প্রথমে জানি লওক এটা ভয়ংকৰ তথ্য৷ বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাব অনুযায়ী, ২০৩০ চনত বিশ্বত ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩৬৬ মিলিয়নত উপনীত হ’ব পাৰে।
অগ্ন্যাশয়ৰ বিটা কোষৰ পৰা নিঃসৃত ইনছুলিন হৰমনে ঠিক মতে কাম কৰিব নোৱাৰিলে ৰক্তত চেনিৰ মাত্রা বাঢ়ি থাকে।

ইফালে বৰ্ধিত শর্কৰাক নিয়ন্ত্রণ নকৰিলেই বিপদ। এটা এটাকৈ বিকল হ’বলৈ আৰম্ভ কৰে নানা অঙ্গ-প্রত্যঙ্গ। বিশেষকৈ বিভিন্ন ৰক্তবাহী শিৰা-উপশিৰাৰ মাজত চর্বিৰ আৱৰণ জমা হয়। ফলত ধমনিত ৰক্ত চলাচলৰ পথ সংকীর্ণ হৈ যায়৷ এই বক্তব্য বংগৰ বিশিষ্ট ডায়েবেটিছ আৰু এন্ডোক্রিনোলজি চিকিৎক সাগৰিকা মুখাৰ্জীৰ। প্ৰকৃততে ডায়েবেটিছ হ’লে অগ্ন্যাশয়ৰ বিটা কোষৰ কার্যক্ষমতা কমি গ’লে বা ইনছুলিন নিঃসৰণ বজায় থাকিলেও ঠিক মতে কাম কৰিব নোৱাৰিলে ৰক্তত চেনিৰ পৰিমাণ বৃদ্ধি পাবলৈ আৰম্ভ কৰে।

সমস্যাটো হ’ল ডায়েবেটিছৰ এনে কোনো নির্দিষ্ট উপসর্গ নাই যে লক্ষণ দেখিলেই ৰোগীয়ে চিকিৎসকক দেখুৱাব। সেয়ে ৰক্তত শর্কৰাৰ মাত্রা বৃদ্ধি হৈ গৈ থাকে আৰু এটা এটাকৈ ক্ষতিগ্রস্ত হৈ গৈ থাকে হার্ট, চকু, নার্ভসহ নানা অঙ্গ৷ সাগৰিকা মুখাৰ্জীয়ে এনেদৰে ব্যক্ত কৰে।

iStock 480851144 | ASSAM TIMES POST

ডায়েবেটিছ থাকিলে ভৰিৰ বিশেষ যত্ন লোৱা দৰকাৰ। কিন্তু ভৰিৰ যত্নৰ ক্ষেত্ৰত বেছিভাগ মানুহেই খুব এটা সচেতন নহয়। শীতৰ সময়ত ভৰি ফাটিলে ভেছলিন বা ক্রিম লগোৱাৰ ধুম উঠে। কিন্তু যিসকলে দীর্ঘদিন ডায়েবেটিছত ভুগিছে তেওঁলোকে ভৰিৰ বিশেষ যত্ন লোৱা দৰকাৰ। বিশেষকৈ এওঁলোকৰ ভৰিত সৰু কোনো কাটা বা ক্ষতৰ পৰাও ডাঙৰ সমস্যা আৰম্ভ হ’ব পাৰে বুলি কয় বিশিষ্ট এন্ডোক্রিনোলজিষ্ট সেমন্তী চক্রৱর্তীয়ে।

ডায়েবেটিছ থাকিলে ভৰিৰ নখ দীঘল হ’ব নিদিব। কটা ঘা বাঢ়িব দিব নোৱাৰিব, প্রতিদিনে ঘৰলৈ উভতাৰ পিছত অলপ গৰম পানীত ভৰি ডুবাই ৰাখি মৃদুভাৱে চাবোন দি পৰিষ্কাৰ কৰি নাৰিকল তেল বা ক্রিম লগাই নৰম কৰি ৰাখিব লাগিব। বহু সময়ত ভৰিৰ ক্ষতক অৱহেলা কৰিলে বাঢ়ি বাঢ়ি এনে পর্যায়ত উপনীত হয় যে এম্পুটেচন পর্যন্ত কৰিবলগা হ’ব পাৰে। সেয়ে ডায়েবেটিছৰ ৰোগীসকলৰ নিয়মিত ভৰিৰ স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ বুলি জনায় সেমন্তী চক্রৱর্তীয়ে।

iStock 000022457661Small e1599273099316 | ASSAM TIMES POST

ইন্টাৰনেচনেল ডায়েবেটিছ ফেডাৰেচনৰ হিচাব অনুযায়ী, ভাৰতবর্ষত ডায়েবেটিছ ৰোগীৰ সংখ্যা ৭৭ মিলিয়ন। আমাৰ দেশৰ মুঠ জনসংখ্যাৰ ৮.৯% মানুহ ডায়েবেটিছত আক্ৰান্ত। ডায়েবেটিক ফুট ছচাইটি অব ইণ্ডিয়াৰ হিচাবত ডায়েবেটিছৰ ৰোগীসকলৰ ভিতৰত শতকৰা প্রায় ১০ জনৰো বেছি মানুহৰ ভৰিৰ সমস্যাৰ সম্ভাৱনা থাকে।

তেওঁলোকৰ ভৰিত আলছাৰ হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি। আমাৰ দেশততো বাদেই ইউৰোপ, আমেৰিকাৰ দৰে দেশতো প্রতি বছৰে ডায়েবেটিছ ৰোগীসকলৰ ১০–১৫ শতাংশৰ ভৰিত আলছাৰ হয়। ইয়াৰ ভিতৰত বহুতৰেই ‘পা এম্পুট’ কৰাৰ বাহিৰে উপায় নাথাকে। এই কাৰণতেই ভৰিৰ বিশেষ যত্ন লোৱাৰ দৰকাৰ বুলি ভাবে দুয়োগৰাকী চিকিৎসকে। দীর্ঘদিন ৰক্তত শর্কৰাৰ মাত্রা বেছি থাকিলে নার্ভ কোষ ধীৰে ধীৰে ক্ষতিগ্রস্ত হ’বলৈ আৰম্ভ কৰে। চিকিৎসকৰ পৰিভাষাত ইয়াক নিউৰ’পেথি বোলা হয়।

৬০ শতাংশ ক্ষেত্রত ভৰিৰ আলছাৰৰ আঁৰত আছে ডায়েবেটিক নিউৰ’পেথি। হাইপাৰগ্লাইছিমিয়া অর্থাৎ ৰক্তৰ বৰ্ধিত শর্কৰা আৰু মানসিক চাপ বা ষ্ট্ৰেছৰ কাৰণে নার্ভ কোষৰ প্রটিন আৰু অত্যাৱশ্যকীয় উপাদান গ্লাইকোজেনক অস্বাভাৱিকভাবে ভাঙি দিয়ে। ইয়াৰ ফলত নার্ভ কোষৰ প্রটিন কাইনেজ-চিয়ে স্বাভাৱিকভাবে কাম কৰিব নোৱাৰে।

নার্ভ কোষে অতিৰিক্তভাবে কাম কৰি কৰি ক্রমশ কর্মক্ষমতা হেৰুৱাই পেলায়। স্নায়ুতন্ত্রৰ মটৰ, ছেনছৰি আৰু অটোনমিক ব্যৱস্থা নষ্ট হৈ যায়। ইয়াৰ ফলত সংবেদনশীলতা আৰু স্পর্শ কমি কমি প্রায় শূন্যত আহি উপস্থিত হয়। তাতেই শেষ নহয়। ক্রনিক ডায়েবেটিছৰ ৰোগীসকলৰ ভৰিৰ স্নায়ুৰ কাম নষ্ট হৈ যোৱাৰ উপৰি ভৰিৰ পেশী, হাড়, ছাল এটা এটাকৈ সকলোৱেই ক্ষতিগ্রস্ত হ’বলৈ আৰম্ভ কৰে।

GettyImages 828441266 e1599273295256 | ASSAM TIMES POST

পেশী দুর্বল হৈ পৰিলে ভৰিৰ ভাৰসাম্য বিঘ্নিত হয়। ভৰিৰ ছালৰ ঘর্ম গ্রন্থি আৰু স্বাভাৱিক তেল নিঃসৰণ গ্রন্থিসমূহো অকামিলা হৈ পৰে। ক্রমশ ভৰিৰ ছাল শুকাই খহখহীয়া হৈ যায়। শুষ্ক ছালত সংক্রমণৰ সম্ভাৱনা বাঢ়ে। আনহাতে, নার্ভ ক্ষতিগ্রস্ত হোৱাত সৰু আঘাত বা বিষৰ অনুভৱ নাথাকে। ফলত কাটি-চিৰি গ’লে বা সংক্রমণ হ’লেও ৰোগীয়ে গমকে নাপায়। যেতিয়া বুজিব পাৰে তেতিয়া দেৰি হৈ যায়।

ডায়েবেটিছৰ সৈতে ৰক্তত কলেষ্টেৰলৰ পৰিমাণ বেছি থাকিলে, অনিয়ন্ত্রিত উচ্চ ৰক্তচাপ আৰু ধূমপান কৰিলেও ৰক্তবাহী ধমনিৰ ভিতৰত চর্বি জমা হোৱাৰ প্রবণতা বাঢ়ি যায়। সেয়ে ভৰিৰ বিশেষ যত্ন নল’লে ভৰিৰ সমস্যাত গৃহবন্দী হৈ থকাৰ সম্ভাৱনা থাকে। ডায়েবেটিছৰ ৰোগীসকলৰ ভৰিত এবাৰ আলছাৰ হ’লে দ্রুতভাৱে বিয়পি পৰে। বহু সময়ত তাক নিয়ন্ত্রণ কৰা অসম্ভৱ হৈ পৰে।

কিছু সাৱধানতা মানি আৰম্ভণিতেই চিকিৎসকৰ কাষলৈ গ’লে যথাযথ চিকিৎসা কৰি ৪০ শতাংশৰ বেছি এম্পুটেচন প্রতিৰোধ কৰা সম্ভৱ। ডায়েবেটিছৰ চিকিৎসাৰ উপৰি নিয়মিত ভৰিত স্বাস্থ্য পৰীক্ষা কৰোৱা আৰু যত্ন ল’লে বহুত দুর্ভোগৰ পৰা হাত সাৰিব পৰা যায়। ডায়েবেটিছ ৰোগীসকলৰ জোতাৰ ক্ষেত্ৰতো কিছু নিয়ম মানি চলা উচিত বুলি কয় ডাঃ সেমন্তী চক্রৱর্তীয়ে।

টান চুলৰ জোতা পিন্ধিলে ভৰিৰ সমস্যা বাঢ়ি যাব পাৰে। সেয়ে নৰম চুলৰ পাতল জোতা পিন্ধা উচিত। জোতা পিন্ধাৰ সময় হিচাবে বিয়লিৰ ফালে বাছি ল’বলৈ কয় চিকিৎসকে। গোটেই দিনৰ কামৰ পিছত ভৰি কিছু ফুলি যাব পাৰে। পুৱা জোতা পিন্ধিলে বিয়লি ভৰি টান হৈ সমস্যা হ’ব পাৰে। ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখি ভালে-কুশলে থাকক।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx