বিশ্বৰ প্রতি ১০ জনৰ ভিতৰত ১ জনে কঁকালৰ বিষত কষ্ট পায়। সেয়া হ’লে প্রায় ৮০০ কোটি জনসংখ্যাৰ এই গ্রহত কিমানজনে কঁকালৰ বিষত ভুগিছে, হিচাব কৰিব বহিলেই চকু কপালত উঠিব!
পুৰুষ-মহিলা নির্বিশেষে অজস্র মানুহে কঁকালৰ বিষত কষ্ট পাইছে। আমি যাক ‘কঁকাল’ বোলো, চিকিৎসা বিজ্ঞানৰ পৰিভাষাত তাক কোৱা হয় লাম্বাৰ স্পাইন। অশুদ্ধ ভঙ্গিমাত শোৱা-বহা, খোজকঢ়া, সন্মুখলৈ হাউলি গধুৰ বস্তু ডঙা বা কেতিয়াবা কেতিয়াবা ৰিক্সা, অটো বা বাছত জোকাৰণি খালেও কঁকালৰ বিষ আৰম্ভ হ’ব পাৰে।
আনহাতে বেছি বয়সত হাড় ক্ষয় যোৱাৰ উপৰি মেৰুদণ্ডৰ দুটা কশেৰুকাৰ মাজত যি ডিস্ক আছে, সেয়াও ক্ষয় যোৱাৰ ফলত বিষ আৰম্ভ হয়৷ ইয়াকে ‘স্পণ্ডাইলছিছ’ বোলা হয়।
আচলতে প্রতিদিনৰ কাম-কাজৰ সময়ত শৰীৰৰ বিভিন্ন অংশত ‘ৱেৰ এণ্ড টিয়াৰ’ হয়। কম বয়সত এই ক্ষয় পূৰণ হৈ গ’লেও বেছি বয়সত সেইটো নহয়। ফলস্বৰূপে কঁকালত বিষ কৰে। কঁকালৰ বিষ আৰম্ভ হ’লে প্রথম চিকিৎসাই হ’ল বিশ্রাম।
চিকিৎসকৰ মতে আচলতে বিষ কিন্তু হাড়ত নহয়, হয় পেশীত। যথাযথ শৰীৰচর্চাৰ অভাৱত কঁকালৰ দিশৰ পেশী বা মাছল টান হৈ যায়। ইয়াৰ সৈতে হাড়ৰ ক্ষয় সংযোগ হ’লে সংকোচন আৰম্ভ হয়।
কঁকালৰ বিষ হ’লে বিশ্রাম লোৱাৰ উপৰি পেশীৰ সংকোচনৰ ঔষধ দিয়া হয়। ফলত বিষ কমে। অৱশ্যে খুব প্রয়োজন নহ’লে বিষৰ ঔষধ দিয়া নহয়। চিকিৎসকৰ মতে, পেশীৰ সংকোচন বা স্পাজম কিন্তু শৰীৰৰ এক প্রতিৰক্ষা ব্যৱস্থা।
স্পাজমৰ ফলত বিষ হ’লে মানুহে বাধ্য হৈয়ে বিশ্রাম লয়। ইয়াৰ ফলত হাড় কিছু পৰিমাণে ৰক্ষা পৰে, শৰীৰৰ ডাঙৰ ক্ষয়-ক্ষতিৰ পৰা বচাবৰ বাবে স্পাজম তৈয়াৰ কৰে। কেৱল বিষৰ ঔষধ খায়ে বিষ কমালে হাড়ৰ ক্ষয় বাঢ়িব। সেয়ে কঁকালৰ বিষত অৱশ্যেই চিকিৎসকৰ পৰামর্শ লৈ বিষৰ কাৰণ জানি চিকিৎসা কৰা উচিত।
কঁকালৰ বিষ যে কেৱল বয়স্ক মানুহৰে হয় সেয়া নহয়, কম বয়সীয়া লোকো কঁকালৰ বিষত ভোগে। কম বয়সত কঁকালৰ বিষৰ বিভিন্ন কাৰণৰ ভিতৰত আছে শ্লিপ ডিস্ক আৰু থিয় হৈ, বহি বা একে ভঙ্গীমাত দীর্ঘ সময় থকা আৰু সন্মুখলৈ হাউলি গধুৰ বস্তু ডঙাৰ দৰে ভুল ভঙ্গীমা। ইয়াৰ পৰাই শ্লিপ ডিস্ক আৰু মাছল স্পাজম হৈ বিষৰ সূত্রপাত হয়।
এই অৱস্থাত অৱস্থানৰ সলনি ঘটাই আৰু বিশ্রাম লৈ সঠিক চিকিৎসা নকৰালে বিষৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। বেছি বয়সত কঁকালৰ বিষৰ মূল কাৰণ লাম্বাৰ স্পণ্ডাইলোছিছ। মূলত মেৰুদণ্ডৰ হাড়ৰ ক্ষয় আৰু পেশীৰ নমনীয়তা নষ্ট হৈ যোৱাৰ কাৰণে কঁকালৰ বিষৰ কষ্ট লৈয়ে দিন পাৰ কৰিবলগা হয়। বহুতৰে আকৌ কঁকালৰ এডাল হাড় অন্য হাড়ৰ ওপৰত উঠি যায়। সেই ক্ষেত্রতো কঁকালৰ বিষত ভুগিব পাৰে।
চিকিৎসা বিজ্ঞানৰ মতে, এই সমস্যাৰ নাম স্পণ্ডাইলোলিস্থেছিছ। এই সমস্যা হ’লে কঁকালৰ বিষৰ উপৰি বিষ ঊৰু হৈ ভৰিৰ দিশে নামি আহিব পাৰে। ভৰিৰ পিছৰ ফালেও পেশী টান হৈ যায়। মূলত খেলুৱৈসকলৰ মাজত এই সমস্যাৰ সম্ভাৱনীয়তা বেছি। ফুটবল, জিমনাষ্টিক, ভাৰোত্তোলনৰ উপৰি যিসকলে ষ্ট্ৰেচিং ব্যায়াম কৰে তেওঁলোকৰো এই সমস্যা হ’ব পাৰে।
আমাৰ দেশত প্রতি বছৰে প্রায় ১০ লক্ষ মানুহে ভাটিব্ৰেল কম্প্রেছনত কষ্ট পায়। এই সমস্যা বাঢ়িলে বহু সময়ত ভার্টিব্রোপ্লাষ্টি কৰি অর্থাৎ মেৰুদণ্ডৰ হাড়ৰ মাজলৈ ব’নচিমেন্ট পঠাই সমস্যাৰ সমাধান কৰা হয়। ইয়াৰ উপৰি প্রচলিত চিকিৎসাতো আছেই। অৱশ্যে কেৱল যে হাড় ক্ষয় যোৱা বা পেশীৰ নমনীয়তা কমি যোৱাৰ কাৰণে কঁকালত বিষ হয়, সেয়া নহয়।
কিডনিত ষ্টন হ’লে, পেংক্রিয়াছৰ অসুখ হ’লে, স্পাইনা-বাইফিডা নামৰ জন্মগত ত্রুটি থাকিলে বা অন্য কোনো ডাঙৰ অসুখৰ উপসর্গ হিচাবেও কঁকালৰ বিষ হ’ব পাৰে। সম্পূৰ্ণ তিনি মাহ যদি কোনোৱে কঁকালৰ বিষত কষ্ট পায়, কঁকালৰ উপৰি ভৰিৰ পেশীতো টানি ধৰে বা অৱশ হৈ যায়, প্রস্রাৱত বা মলত্যাগত সমস্যা হয়, তেতিয়াহ’লে অন্য কোনো ডাঙৰ অসুখৰ কথা ভাবিব লাগিব।
এই ক্ষেত্রত চিকিৎসকৰ পৰামর্শত প্রয়োজন হ’লে এমআৰআই কৰিবলগা হ’ব পাৰে৷
বিষ হোৱাৰ পূৰ্বেই এই সমস্যাক দূৰতে বিদূৰ কৰি ৰাখিবৰ চেষ্টা কৰিব লাগে৷ ইয়াৰ বাবে সৰুৰে পৰাই নিয়মিত শৰীৰচর্চা কৰা, পুষ্টিকৰ খাদ্য খাই ওজন ঠিকে ৰাখিলে ভৱিষ্যতে কঁকালৰ বিষত কষ্ট পাবলগা নহয়।
সৌজন্য : আনন্দবজাৰ পত্ৰিকা

















