ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : কঁকালৰ বিষত ভুগি আছে নেকি? জানি লওক কিছু কথা

ASSAM TIMES POST by ASSAM TIMES POST
September 1, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : কঁকালৰ বিষত ভুগি আছে নেকি? জানি লওক কিছু কথা

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

বিশ্বৰ প্রতি ১০ জনৰ ভিতৰত ১ জনে কঁকালৰ বিষত কষ্ট পায়। সেয়া হ’লে প্রায় ৮০০ কোটি জনসংখ্যাৰ এই গ্রহত কিমানজনে কঁকালৰ বিষত ভুগিছে, হিচাব কৰিব বহিলেই চকু কপালত উঠিব!

cs left right back pain 1440x810 1 | ASSAM TIMES POST

পুৰুষ-মহিলা নির্বিশেষে অজস্র মানুহে কঁকালৰ বিষত কষ্ট পাইছে। আমি যাক ‘কঁকাল’ বোলো, চিকিৎসা বিজ্ঞানৰ পৰিভাষাত তাক কোৱা হয় লাম্বাৰ স্পাইন। অশুদ্ধ ভঙ্গিমাত শোৱা-বহা, খোজকঢ়া, সন্মুখলৈ হাউলি গধুৰ বস্তু ডঙা বা কেতিয়াবা কেতিয়াবা ৰিক্সা, অটো বা বাছত জোকাৰণি খালেও কঁকালৰ বিষ আৰম্ভ হ’ব পাৰে।

আনহাতে বেছি বয়সত হাড় ক্ষয় যোৱাৰ উপৰি মেৰুদণ্ডৰ দুটা কশেৰুকাৰ মাজত যি ডিস্ক আছে, সেয়াও ক্ষয় যোৱাৰ ফলত বিষ আৰম্ভ হয়৷ ইয়াকে ‘স্পণ্ডাইলছিছ’ বোলা হয়।
আচলতে প্রতিদিনৰ কাম-কাজৰ সময়ত শৰীৰৰ বিভিন্ন অংশত ‘ৱেৰ এণ্ড টিয়াৰ’ হয়। কম বয়সত এই ক্ষয় পূৰণ হৈ গ’লেও বেছি বয়সত সেইটো নহয়। ফলস্বৰূপে কঁকালত বিষ কৰে। কঁকালৰ বিষ আৰম্ভ হ’লে প্রথম চিকিৎসাই হ’ল বিশ্রাম।

Backache e1598929075802 | ASSAM TIMES POST

চিকিৎসকৰ মতে আচলতে বিষ কিন্তু হাড়ত নহয়, হয় পেশীত। যথাযথ শৰীৰচর্চাৰ অভাৱত কঁকালৰ দিশৰ পেশী বা মাছল টান হৈ যায়। ইয়াৰ সৈতে হাড়ৰ ক্ষয় সংযোগ হ’লে সংকোচন আৰম্ভ হয়।

কঁকালৰ বিষ হ’লে বিশ্রাম লোৱাৰ উপৰি পেশীৰ সংকোচনৰ ঔষধ দিয়া হয়। ফলত বিষ কমে। অৱশ্যে খুব প্রয়োজন নহ’লে বিষৰ ঔষধ দিয়া নহয়। চিকিৎসকৰ মতে, পেশীৰ সংকোচন বা স্পাজম কিন্তু শৰীৰৰ এক প্রতিৰক্ষা ব্যৱস্থা।

স্পাজমৰ ফলত বিষ হ’লে মানুহে বাধ্য হৈয়ে বিশ্রাম লয়। ইয়াৰ ফলত হাড় কিছু পৰিমাণে ৰক্ষা পৰে, শৰীৰৰ ডাঙৰ ক্ষয়-ক্ষতিৰ পৰা বচাবৰ বাবে স্পাজম তৈয়াৰ কৰে। কেৱল বিষৰ ঔষধ খায়ে বিষ কমালে হাড়ৰ ক্ষয় বাঢ়িব। সেয়ে কঁকালৰ বিষত অৱশ্যেই চিকিৎসকৰ পৰামর্শ লৈ বিষৰ কাৰণ জানি চিকিৎসা কৰা উচিত।

Low Back Pain e1598929123344 | ASSAM TIMES POST

কঁকালৰ বিষ যে কেৱল বয়স্ক মানুহৰে হয় সেয়া নহয়, কম বয়সীয়া লোকো কঁকালৰ বিষত ভোগে। কম বয়সত কঁকালৰ বিষৰ বিভিন্ন কাৰণৰ ভিতৰত আছে শ্লিপ ডিস্ক আৰু থিয় হৈ, বহি বা একে ভঙ্গীমাত দীর্ঘ সময় থকা আৰু সন্মুখলৈ হাউলি গধুৰ বস্তু ডঙাৰ দৰে ভুল ভঙ্গীমা। ইয়াৰ পৰাই শ্লিপ ডিস্ক আৰু মাছল স্পাজম হৈ বিষৰ সূত্রপাত হয়।

এই অৱস্থাত অৱস্থানৰ সলনি ঘটাই আৰু বিশ্রাম লৈ সঠিক চিকিৎসা নকৰালে বিষৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। বেছি বয়সত কঁকালৰ বিষৰ মূল কাৰণ লাম্বাৰ স্পণ্ডাইলোছিছ। মূলত মেৰুদণ্ডৰ হাড়ৰ ক্ষয় আৰু পেশীৰ নমনীয়তা নষ্ট হৈ যোৱাৰ কাৰণে কঁকালৰ বিষৰ কষ্ট লৈয়ে দিন পাৰ কৰিবলগা হয়। বহুতৰে আকৌ কঁকালৰ এডাল হাড় অন্য হাড়ৰ ওপৰত উঠি যায়। সেই ক্ষেত্রতো কঁকালৰ বিষত ভুগিব পাৰে।

চিকিৎসা বিজ্ঞানৰ মতে, এই সমস্যাৰ নাম স্পণ্ডাইলোলিস্থেছিছ। এই সমস্যা হ’লে কঁকালৰ বিষৰ উপৰি বিষ ঊৰু হৈ ভৰিৰ দিশে নামি আহিব পাৰে। ভৰিৰ পিছৰ ফালেও পেশী টান হৈ যায়। মূলত খেলুৱৈসকলৰ মাজত এই সমস্যাৰ সম্ভাৱনীয়তা বেছি। ফুটবল, জিমনাষ্টিক, ভাৰোত্তোলনৰ উপৰি যিসকলে ষ্ট্ৰেচিং ব্যায়াম কৰে তেওঁলোকৰো এই সমস্যা হ’ব পাৰে।

আমাৰ দেশত প্রতি বছৰে প্রায় ১০ লক্ষ মানুহে ভাটিব্ৰেল কম্প্রেছনত কষ্ট পায়। এই সমস্যা বাঢ়িলে বহু সময়ত ভার্টিব্রোপ্লাষ্টি কৰি অর্থাৎ মেৰুদণ্ডৰ হাড়ৰ মাজলৈ ব’নচিমেন্ট পঠাই সমস্যাৰ সমাধান কৰা হয়। ইয়াৰ উপৰি প্রচলিত চিকিৎসাতো আছেই। অৱশ্যে কেৱল যে হাড় ক্ষয় যোৱা বা পেশীৰ নমনীয়তা কমি যোৱাৰ কাৰণে কঁকালত বিষ হয়, সেয়া নহয়।

1 9WQ12ZNwLHI2uTT47OdN2g e1598929172927 | ASSAM TIMES POST

কিডনিত ষ্টন হ’লে, পেংক্রিয়াছৰ অসুখ হ’লে, স্পাইনা-বাইফিডা নামৰ জন্মগত ত্রুটি থাকিলে বা অন্য কোনো ডাঙৰ অসুখৰ উপসর্গ হিচাবেও কঁকালৰ বিষ হ’ব পাৰে। সম্পূৰ্ণ তিনি মাহ যদি কোনোৱে কঁকালৰ বিষত কষ্ট পায়, কঁকালৰ উপৰি ভৰিৰ পেশীতো টানি ধৰে বা অৱশ হৈ যায়, প্রস্রাৱত বা মলত্যাগত সমস্যা হয়, তেতিয়াহ’লে অন্য কোনো ডাঙৰ অসুখৰ কথা ভাবিব লাগিব।

এই ক্ষেত্রত চিকিৎসকৰ পৰামর্শত প্রয়োজন হ’লে এমআৰআই কৰিবলগা হ’ব পাৰে৷
বিষ হোৱাৰ পূৰ্বেই এই সমস্যাক দূৰতে বিদূৰ কৰি ৰাখিবৰ চেষ্টা কৰিব লাগে৷ ইয়াৰ বাবে সৰুৰে পৰাই নিয়মিত শৰীৰচর্চা কৰা, পুষ্টিকৰ খাদ্য খাই ওজন ঠিকে ৰাখিলে ভৱিষ্যতে কঁকালৰ বিষত কষ্ট পাবলগা নহয়।

সৌজন্য : আনন্দবজাৰ পত্ৰিকা

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx